পুনৰ স্থগিত হ’ব নেকি নিৰ্ভয়া কাণ্ডৰ ৪ ঘাটকৰ ফাঁচী? এইবাৰ দোষী বিনয় শৰ্মাই ৰাষ্ট্ৰপতিক দাখিল কৰিলে ক্ষমাৰ আবেদন…

ডিজিটেল ডেস্কঃ নিৰ্ভয়া গণধৰ্ষণ আৰু হত্যা গোচৰৰ অন্যতম দোষী বিনয় শৰ্মাই এইবাৰ ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰিছে ক্ষমাৰ আবেদন। ইয়াৰ পূৰ্বে নিৰ্ভয়া কাণ্ডৰ দোষী মুকেশ সিঙে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ ওচৰত দাখিল কৰা ক্ষমাৰ আবেদন খাৰিজ কৰিছিল ৰাষ্ট্ৰপতিগৰাকীয়ে। তাৰ পিছতে বুধবাৰে দোষী বিনয় শৰ্মায়ো ৰাষ্ট্ৰপতিৰ ওচৰত আবেদন দাখিল কৰি দয়া ভীক্ষা মাগে।
ৰাষ্ট্ৰপতিক দাখিল কৰা আবেদনত বিনয় শৰ্মাই কাৰাগাৰৰ ভিতৰত কিদৰে মানসিক উৎপীড়নৰ বলি হৈছে সেই কথা অধিবক্তা এ পি সিঙৰ জৰিয়তে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দক শুনাব বিচাৰে বুলি উল্লেখ কৰে। তাৰ বাবে ৰাষ্ট্ৰপতিৰ পৰা সময়ো বিচাৰে দোষী বিনয় শৰ্মাই, যাতে মৌখিকভাৱে অধিবক্তা এ পি সিঙে দোষী বিনয় শৰ্মাৰ কাৰাগাৰত পাৰ কৰা জীৱনৰ বিষয়ে ৰাষ্ট্ৰপতিক শুনাব বিচাৰে।
লগতে আবেদনত কাৰাগাৰত থকা সময়ত পিতৃ-মাতৃৰ সৈতে হোৱা সাক্ষাৎকাৰৰ বিষয়ে উল্লেখ কৰি দোষী বিনয় শৰ্মাই লিখিছে, ‘মই প্ৰথমে জীয়াই থাকিবলৈকে বিচৰা নাচিলো। কিন্তু যেতিয়া কাৰাগাৰত থকা সময়ত মোৰ মা-দেউতাই মোক লগ কৰিবলৈ আহিল আৰু ক’লে যে তেওঁলোক মোৰ বাবেই জীয়াই আছে, সেই কথা শুনি মোৰ মনত জীয়াই থকাৰ ইচ্ছা জাগিছে। মই এতিয়া মৰিব নিবিচাৰো। কাৰণ তেওঁলোকে বিচাৰে যে মই তেওঁলোকৰ বাবে জীয়াই থাকিব লাগে।’
উল্লেখ্য যে, ন্যায়ালয়ৰ নিৰ্দেশানুসৰি ১ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজাত ফাঁচী প্ৰদান কৰা হ’ব নিৰ্ভয়া কাণ্ডৰ ৪ দোষীক। কিন্তু তাৰ পূৰ্বে দোষী বিনয় শৰ্মাই ৰাষ্ট্ৰপতিৰ ওচৰত ক্ষমাৰ আবেদন দাখিল কৰাত এতিয়া নিৰ্ধাৰিত দিনটোত দোষীক প্ৰদান কৰিবলগা ফাঁচী পুনৰ স্থগিত হৈ পৰিব নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে। কিয়নো উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি ক্ষমা আবেদন খাৰিজ হোৱাৰ পিছত দোষীক ১৪ দিনৰ সময় প্ৰদান কৰিব লাগে। প্ৰণিধানযোগ্য যে, ইয়াৰ পূৰ্বে ২২ ফেব্ৰুৱাৰীত দোষীক ফাঁচী প্ৰদান কৰাৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছিল যদিও পিছত সেয়া স্থগিত হৈছিল।
আনহাতে দিল্লী কাৰাগাৰৰ নিয়মানুসৰি একে অপৰাধ সংঘটিত কৰা ৪ দোষীক তেতিয়ালৈকে ফাঁচী প্ৰদান কৰিব নোৱাৰে, যেতিয়ালৈকে আটাইকেইজন দোষীকে ক্ষমাৰ আবেদন দাখিল সহ সকলো আইনী বিকল্প ব্যৱহাৰ নকৰে। তেনে পৰিপ্ৰক্ষিতত নিৰ্ভয়া কাণ্ডৰ ৪ ঘাটকৰ ভিতৰত বৰ্তমানে কেৱল মুকেশ আৰু বিনয় শৰ্মাইহে ৰাষ্ট্ৰপতিৰ ওচৰত ক্ষমাৰ আবেদন দাখিল কৰিছে। এতিয়াও এই অপৰাধৰ অন্য দুজন অপৰাধীয়ে আইনী বিকল্পৰ ব্যৱহাৰ কৰা নাই।
The post পুনৰ স্থগিত হ’ব নেকি নিৰ্ভয়া কাণ্ডৰ ৪ ঘাটকৰ ফাঁচী? এইবাৰ দোষী বিনয় শৰ্মাই ৰাষ্ট্ৰপতিক দাখিল কৰিলে ক্ষমাৰ আবেদন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3aT2vOm
via IFTTT
Comments
Post a Comment