শনিবাৰৰ পৰা দুদিনীয়াকৈ ৰহাৰ কটহগুৰিত ঐতিহাসিক তিৱা ৰাজদৰবাৰ পঞ্চম দ্বি-বাৰ্ষিক অধিবেশন, VIDEO

ডিজিটেল সংবাদ, ৰহাঃ শনিবাৰৰ পৰা দুদিনীয়াকৈ ৰহাৰ কটহগুৰিত অনুষ্ঠিত হ’ব ঐতিহাসিক তিৱা ৰাজদৰবাৰ পঞ্চম দ্বি-বাৰ্ষিক অধিবেশন। তিৱাসকলৰ ইতিহাস প্ৰসিদ্ধ সাতোৰজা-পাঁচোৰজাৰ পৰম্পৰাৰে সমৃদ্ধ এই ঐতিহাসিক ৰাজদৰবাৰত অংশগ্ৰহণ কৰিব তিৱাসকলৰ ১৮ জনকৈ ৰজা আৰু ৰাজপৰিষদে।
তাৰবাবে কটহগুৰিৰ পঞ্চাৰাম ডেকা সোঁৱৰণী ক্ষেত্ৰত চলিছে যুদ্ধংদেহী প্ৰস্তুতি। তিৱাসকলৰ সাংস্কৃতিক পৰম্পৰাৰে সজাই তোলা হৈছে দৰবাৰস্থলী। ৰজা আৰু ৰাজপাৰিষদৰ লগতে দূৰ-দূৰণিৰ ৰাইজক আদৰিবলৈ সাজু হৈছে আয়োজকসকল। শনিবাৰে পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনেৰে তিৱা ৰাজদৰবাৰৰ পঞ্চম দ্বি-বাৰ্ষিক অধিবেশনৰ কাৰ্যসূচী মুকলি কৰা হ’ব।
ইয়াৰ পিচতে ৰজা আদৰণি, প্ৰতিনিধি সভা আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। সন্ধিয়া তিৱা সাংস্কৃতিক বিকাশ অনুষ্ঠান, আলোচনা চক্ৰ আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। দেওবাৰে পুৱা উলিওৱা হ’ব বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা।
ইয়াৰ পিচতে অনুষ্ঠিত হ’ব মুকলি সভা। মুকলি সভাত তিৱা ৰজাসকলৰ উপৰি ৰাজ্য চৰকাৰৰ কেইবাজনো মন্ত্ৰী বিধায়কে অংশগ্ৰহণ কৰিব।
ইপিনে তিৱা ৰাজদৰবাৰৰ এই দুদিনীয়া কাৰ্যসূচীত সহযোগ কৰিবলৈ সকলো জাতীয় সংগঠনক আহ্বান জনাইছে আয়োজক সমিতিয়ে। উল্লেখ্য যে, তাহানিৰ সেই তিৱা ৰজাসকলৰ দৰে এতিয়া ৰজাৰ শাসন নাই যদিও স্বকীয় সামাজিক ক্ষেত্ৰত এতিয়াও ৰজাৰ পৰম্পৰা অব্যাহত আছে তিৱাসকলৰ মাজত।
The post শনিবাৰৰ পৰা দুদিনীয়াকৈ ৰহাৰ কটহগুৰিত ঐতিহাসিক তিৱা ৰাজদৰবাৰ পঞ্চম দ্বি-বাৰ্ষিক অধিবেশন, VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2RGcY8g
via IFTTT
Comments
Post a Comment