কটন কলেজিয়েট হাইস্কুলৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ, পণ্ডিত বনমালী তালুকদাৰ আৰু নাই…

ডিজিটেল সংবাদ, গুৱাহাটীঃ কটন কলেজিয়েট হাইস্কুলৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, অসম জাতীয় বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বিশিষ্ট শিক্ষাবিদ, পণ্ডিত বনমালী তালুকদাৰ আৰু নাই। বৃহস্পতিবাৰে নিশা ১.৩০ বজাত নিজ বাসগৃহত বনমালী তালুকদাৰৰ বিয়োগ হয়। বাধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি হোৱা ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত শিক্ষক তালুকদাৰ তীক্ষ্ণ মেধাসম্পন্ন, দায়িত্ব সম্পন্ন শিক্ষক-অধ্যাপক হিচাপে সৰ্বজন সমাদৃত।

অৱসৰ গ্ৰহণৰ পিছৰে পৰা অসম জাতীয় বিদ্যালয়ৰ অক্ষ্যক্ষ হিচাপে দীৰ্ঘকাল তেওঁ কাৰ্যনিৰ্বাহ কৰে। প্ৰতিষ্ঠাৰ কিছুদিনৰ পিছৰ পৰা অসম জাতীয় বিদ্যালয়ৰে জড়িত হোৱা বনমালী তালুকদাৰ ১০ বছৰৰ অধিক কাল জাতীয় বিদ্যালয়ৰ সৈতে জড়িত হয় যদিও অসুস্থতাৰ বাবে মাজতে কিছুদিন তেওঁ কাৰ্যনিৰ্বাহ কৰা নাছিল। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৫ বছৰ।

পৰৱৰ্তী সময়ত দ্বিতীয়বাৰৰ বাবে পুনৰ জাতীয় বিদ্যালয়তে দায়িত্ব লয় যদিও প্ৰায় ৩ বছৰমানৰ আগৰ পৰা তেওঁ বয়সৰ বাবেই এই দায়িত্ব পালনৰ পৰা স্থায়ীভাৱে অব্যাহতি লয়। পুৱতি নিশা তেওঁৰ বিয়োগৰ খবৰ বিয়পি পৰাৰ লগে লগে অসমৰ বিদ্যায়তনিক, বৌদ্ধিক ক্ষেত্ৰখনত শোকৰ ছাঁ পৰে।

সুদক্ষ প্ৰশাসকৰূপে চিহ্নিত ব্যক্তিগৰাকীৰ বাসভৱনত পুৱাৰে পৰাই শৈক্ষিকক্ষেত্ৰৰ অসংখ্য লোক সমৱেত হয়। শুকুৰবাৰে পুৱা ১১.৩০ বজাত তেওঁৰ নশ্বৰ দেহ অসম জাতীয় বিদ্যালয়লৈ নি শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব। তাৰ পিছতে নিয়া হ’ব কটন কলেজিয়েট হাইস্কুললৈ। উল্লেখ্য যে, তেখেতৰ মৃত্যুৰ বাবে অসম জাতীয় বিদ্যালয়ৰ শুকুৰবাৰৰ সকলো নিয়মীয়া কাৰ্যসূচী বাতিল কৰা হৈছে। বিয়লি নৱগ্ৰহ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব।

The post কটন কলেজিয়েট হাইস্কুলৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ, পণ্ডিত বনমালী তালুকদাৰ আৰু নাই… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/38LQgkO
via IFTTT

Comments