বড়ো শান্তি চুক্তি প্ৰসংগত মন্ত্ৰী হিমন্ত বিশ্বৰ সংবাদমেলঃ পৰুশ বৰুৱাকো আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান…

  • জনতা ভৱনত সংবাদমেল সম্বোধন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
  • বড়ো শান্তি চুক্তি প্ৰসংগত আহ্বান কৰা হৈছে এই সংবাদমেল।
  • সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা মন্ত্ৰীগৰাকীৰ।
  • বড়ো শান্তি চুক্তিক লৈ মন্ত্ৰী গৰাকীয়ে কয়, বড়ো আন্দোলনত ৪০০০ লোকে প্ৰাণ আহুতি দিছে।
  • NDFB আৰু ABSU আগৰ দুখন চুক্তিত জড়িত নাছিল।
  • সোমবাৰে এখন ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰ হয়।
  • বড়োলেণ্ড আন্দোলত জড়িত সকলো সংগঠনে প্ৰথমবাৰৰ বাবে একত্ৰিত হৈছে।
  • বড়োলেণ্ডৰ বাহিৰত বাস কৰা লোকৰো স্থায়ী শান্তি আহিবলৈ সক্ষম হয়।
  • তাত স্পষ্টকৈ আছে অসমৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰি চুক্তি স্বাক্ষৰ কৰা হয়।
  • অসমৰ ৰাইজ আৰু ইতিহাসে মোডী আৰু অমিত শ্বাহ ডাঙৰীয়াক সদায়ে মনত ৰাখিব।
  • এই চুক্তিৰ পৰা বড়ো আন্দোলন স্থায়ীৰূপে সমাধান হ’ব।
  • এইয়াই “বহল আৰু চূড়ান্ত সমাধান” বুলি চুক্তিত সন্নিবিষ্ট হৈছে।
  • আশা কৰো ৰাজ্যবাসীৰ বাবে সোমবাৰৰ দিনটো এটা সোণালী দিন হ’ব।
  • অসমক ভৱিষ্যতে বিভাজন নহয় বুলি আশা কৰিম।
  • স্বায়ত্ব শাসন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সম্পূৰ্ণ ৰূপে দিব।
  • বড়ো ভিলেজক লৈ চেটেলাইট কাউন্সিল হ’ব।
  • বড়োলেণ্ডৰ বাহিৰত থকা বড়ো স্বায়ত্ব শাসিত পৰিষসদত অবড়ো গাঁও সন্নিৱিষ্ট নহয়।
  • উপায়ুক্ত, আৰক্ষী অধীক্ষক নিযুক্তিৰ বিষয়টো আলোচনা কৰিব লাগিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
  • বড়ো ভাষা ৰাজ্যৰ সহযোগী ভাষা হিচাবে থাকিব।
  • কেন্দ্ৰীয় বিশ্ববিদ্যালয়, স্পৰ্টছ বিশ্ববিদ্যালয় ইত্যাদি স্থাপিত কৰা প্ৰসংগটো মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
  • নতুন গাঁও যেতিয়া অন্তৰ্ভুক্ত হব তেতিয়া BTCৰ পৰা পুৰণি গাঁও অন্তৰ্ভুক্ত হ’ব।
  • প্ৰথমবাৰৰ বাবে বড়ো লেণ্ডৰ ভিতৰত থকা অনাবড়ো লোকক এটা কর্তৃত্ব প্ৰদান কৰিলে।
  • বড়ো ভূমি নতুনকৈ গঠন কৰাৰ বাৱে আমি এটা সুযোগ পালোঁ।
  • বড়ো অবড়ো লোকক এটা সুবিধা দি বড়োলেণ্ডত থকা সংঘাত দূৰ কৰিবলৈ সুযোগ পাইছো।
  • আয়োগখন অসম চৰকাৰে গঠন কৰিব।
  • অনা বড়ো, BTC, ABSU ইত্যাদি সংগঠনো ইয়াত থকাৰ সুযোগ পাব।
  • অনা বড়ো লোকসকল BTCৰ পৰা ওলাই অহাৰ সুযোগ পাব।
  • এনে চুক্তি পোৱাৰ কোনো সুযোগ নাছিল।
  • প্ৰধানমন্ত্ৰী মোডী, অমিত শ্বাহ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বাবেই বাবে এইয়া সম্ভৱ হ’ল।
  • ৩০ জানুৱাৰীত মুখ্যমন্ত্ৰীৰ উপস্থিতিত অস্ত্ৰ সমাপন কৰিব বড়ো বিদ্ৰোহী সংগঠনসমূহে।
  • ১৫০০ তকৈ অধিক যুৱক ঘূৰি আহিব।
  • পৰেশ বৰুৱাকো আলোচনাৰ মাজলৈ আমন্ত্ৰণ জনালে হিমন্ত বিশ্ব শৰ্মাই।
  • ফেব্ৰুৱাৰী ৭ তাৰিখে মোডী, অমিত শ্বাহ ডাঙৰীয়া অসম চৰকাৰে আমন্ত্ৰণ জনাব।
  • বড়ো চুক্তিত আশীৰ্বাদ দিব তেওঁলোকে।

The post বড়ো শান্তি চুক্তি প্ৰসংগত মন্ত্ৰী হিমন্ত বিশ্বৰ সংবাদমেলঃ পৰুশ বৰুৱাকো আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2U0xG47
via IFTTT

Comments