সোমবাৰে স্বাক্ষৰিত হ’ব তৃতীয়খন বড়ো চুক্তি

ডিজিটেল ডেস্কঃ সোমবাৰে স্বাক্ষৰিত হ’ব তৃতীয়খন বড়ো চুক্তি। বড়ো সমস্যাৰ স্থায়ী সমাধানৰ লক্ষ্যৰে পুৱা ১১ বজাত এনডিএফবিৰ নেতৃবৰ্গ, এবছুকে ধৰি বড়ো জাতীয় সংগঠনৰ নেতৃত্বৰ সৈতে প্ৰস্তাৱিত শান্তি চুক্তি স্বাক্ষৰিত কৰাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত স্বাক্ষৰ হ’ব চুক্তিখন।
বড়ো শান্তিচুক্তিত স্বাক্ষৰ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদৰ মুৰব্বী হাগ্ৰামা মহিলাৰী উপস্থিত থাকিব। এই চুক্তিত স্বাক্ষৰ কৰাৰ পিছতে BTADৰ ভৌগলিক পৰিসৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে নতুন দিল্লীত বাহৰ পাতি আছে বড়ো দল-সংগঠনৰ বিষয়ববীয়া।
উল্লেখ্য যে, ১৯৯৩চনত এবছুৰ সৈতে প্ৰথমখন চুক্তি হৈছিল৷ তাৰ পিছতে ২০০৩ চনত বড়োলেণ্ড টাইগাৰ ফ’ৰ্চৰ সৈতে হৈছিল দ্বিতীয়খন চুক্তি৷ প্ৰথমখন চুক্তিক বড়োলেণ্ড অটোনমাছ কাউন্সিল অৰ্থাৎ বিএচি চুক্তি বুলি জনা যায়৷ ঠিক তেনেদৰে দ্বিতীয়খন চুক্তিক বিটিচি চুক্তি বুলি জনা যায়।
জানিব পৰা অনুসৰি এই চুক্তিত ৰাজ্য চৰকাৰৰ হৈ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই স্বাক্ষৰ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ হৈ স্বাক্ষৰ কৰিব যুটীয়া সচিব সত্যেন গাৰ্গে। নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ এই চুক্তিত স্বাক্ষৰ কৰিব সভাপতি প্ৰমোদ বড়োৱে৷
The post সোমবাৰে স্বাক্ষৰিত হ’ব তৃতীয়খন বড়ো চুক্তি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2tRMKGJ
via IFTTT
Comments
Post a Comment