পুৱাৰ ১০ খবৰ…

১. ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত গ্ৰেপ্তাৰ কৰা জে এন ইউৰ শিক্ষাৰ্থী ছাৰ্জিল ইমামক ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ দিল্লী আদালতৰ। দিল্লীৰ শ্বাহীনবাগত ভাৰতৰ পৰা উত্তৰ-পূব তথা অসমক বিলগ্ন কৰাৰ হুংকাৰ প্ৰদান কৰিছিল ইমামে।
২. আজি আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰন কৰিব এনডিএফবিৰ চাৰিওটা গোটে, মুখ্যমন্ত্ৰীৰ হাতত জমা দিব মাৰণাস্ত্ৰ
৩. বৃহস্পতিবাৰৰে পৰা আৰম্ভ ঐতিহাসিক নগাঁৱৰ চাপানালাৰ মহাকুণ্ড মেলা।
৪. মঙলবাৰে গুৱাহাটী মহানগৰীৰ তাপমাত্ৰা ১৯ ডিগ্ৰী চেলছিয়াছ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই ঘোষণা কৰিছে। ৮ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ বেগত বতাহ বলাৰ লগতে আদ্ৰতা ৮৯ শতাংশ।
৫. চীনত কোৰোনা ভাইৰাছৰ সন্ত্ৰাস। বৰ্তমানৰ লৈকে মৃত্যুমুখত পৰিছে ১৭০ জনকৈ লোক।
৬. চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতে ভাৰতলৈ অহাৰ সম্ভাৱনা আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড টাম্প। ২১ আৰু ২২ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে আহিব পাৰে ৰাষ্ট্ৰপতিগৰাকী।
৭. ’মহম্মদ ছামীৰ বাবেহে আমি তৃতীয় খন টি-২০ত জয়লাভ কৰাৰ উপৰি চিৰিজ দখল কৰিব পাৰিছো’ এই মন্তব্য ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ।
৮. উলহ-মালহেৰে অম্বিকাগিৰি নগৰৰ সেউঘ সংঘত সৰস্বতী আয়োজন। পুৱাৰে পৰা ভক্তৰ ভিৰ।
৯. ”অবড়োৰ সৈতে আলোচনা নকৰি ভংগ কৰিছে অবড়োৰ অধিকাৰ, এই চুক্তিয়ে সমস্যাৰ সৃষ্টি কৰিব’ এই মন্তব্য জ্যেষ্ঠ অধিবক্তা উপমুন্য হাজৰিকাৰ।
১০. জে ডি ইউৰ পৰা বহিষ্কাৰৰ পাছতে প্ৰশান্ত কিশোৰে যোগদান কৰিব পাৰে তৃণমূল কংগ্ৰেছত। বিশেষভাৱে চৰ্চা হৈছে এই বিষয়।
The post পুৱাৰ ১০ খবৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/38K5xm2
via IFTTT
Comments
Post a Comment