উখল মাখল দিহিঙীয়া মহুৰা পথাৰঃ আনুষ্ঠানিক ভাৱে খান্দিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ বাবে সেৱা বাহিনীয়ে ৰোৱা পঞ্চাশ বিঘা মাটিৰ আলু…VIDEO

ডিজিটেল সংবাদ. নুমলীগড়ঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশনৰ বাবে উদুলি মুদুলি দিহিঙীয়া মহুৰা পথাৰ,বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰ । অহা ৫ ফ্ৰেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হব অধিৱেশন । প্ৰস্তুতি এতিয়া তুংগত । অধিৱেশনলৈ তিশ লক্ষাধিক ভকতৰ সমাগম ঘটাৰ আশা কৰিছে । এই ভকত বৈষ্ণৱক আদৰিৱলৈ সাজু হৈছে আয়োজকসকল ।

আপ্যায়ন ৰ বাবে সেৱা বাহিনীয়ে নিজাববীয়াকৈ আৰম্ভ কৰিছিল বিভিন্ন শাক পাচলি ৰ খেতি । সোনাৰি চাপৰিত প্ৰায় পঞ্চাশ বিঘা মাটিত কৰা আলু খেতিৰ আলু খন্দা পৰ্ব আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে মূল সংঘৰ সংস্কৃতিক বিভাগৰ সভাপতি তথা ৮৯ সংখ্যক অধিৱেশনৰ সমন্বয়ক পবিত্ৰ প্ৰাণ বৰাই ।

এটি প্ৰাথনাৰে শুভাৰম্ভ কৰে আলু খন্দা কাৰ্য ।শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশনৰ প্ৰায়বোৰ কামেই এতিয়া সম্পূৰ্ণ হোৱাৰ পথত । ইতিমধ্যে দ্ৰুত গতিত চলিছে বাকী ৰৈ যোৱা কামৰ । আলু খন্দাৰ মাজতে মূখত হৰিনামৰ কলি সকলো ভক্তপ্ৰাণ ৰাইজৰ ।

The post উখল মাখল দিহিঙীয়া মহুৰা পথাৰঃ আনুষ্ঠানিক ভাৱে খান্দিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ বাবে সেৱা বাহিনীয়ে ৰোৱা পঞ্চাশ বিঘা মাটিৰ আলু…VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/311RFRn
via IFTTT

Comments