সাদিন-প্ৰতিদিন গোষ্ঠীৰ উদ্যোগত উলহ-মালহেৰে সৰস্বতী পূজা…

ডিজিটেল ডেস্কঃ সাদিন-প্ৰতিদিন গোষ্ঠীৰ চানমাৰীস্থিত কাৰ্যালয়তো উলহ মালহেৰে আয়োজন কৰা হয় বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা। সৰস্বতী পূজা উপলক্ষ্যে সজাই পৰাই তোলা হয় কাৰ্যালয়ৰ চৌপাশ। অসমীয়া প্ৰতিদিন, সাদিন, নন্দিনী, সাতসৰীৰ সাংবাদিক-কৰ্মচাৰীসকলে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজা-অৰ্চনা কৰে পুৱাৰে পৰা।
উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্ততো সৰস্বতী পূজা অনুষ্ঠিত হয় বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত। অৱশ্যে কিছু সংখ্যকে বুধবাৰৰ পৰিৱৰ্তে বৃহস্পতিবাৰেহে সৰস্বতী পূজা অনুষ্ঠিত কৰিব।
The post সাদিন-প্ৰতিদিন গোষ্ঠীৰ উদ্যোগত উলহ-মালহেৰে সৰস্বতী পূজা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/36znjqE
via IFTTT
Comments
Post a Comment