সোমবাৰে পুৱাৰে পৰা বিটিএডি অঞ্চলত উৰিল বগা পতাকা

- সোমবাৰে স্বাক্ষৰিত হ’ব তৃতীয়খন বড়ো চুক্তি।
- এই চুক্তি স্বাক্ষৰ হোৱাৰ বাবে সোমবাৰে পুৱাৰে পৰা বিটিএডি অঞ্চলত উৰুওৱা হৈছে বগা পতাকা।
- সকলো বড়ো সংগঠনৰ নেতৃত্বই তেওঁলোকৰ বাসগৃহ আৰু কাৰ্যালয়সমূহত এসপ্তাহজুৰি বগা পতাকা উত্তোলন কৰিব।
- বৰমাটো উৰিল বগা পতাকা।
- বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ কাৰ্যালয়ত পুৱাই উৰিল বগা পতাকা।
- উল্লেখ্য যে, বড়ো সমস্যাৰ স্থায়ী সমাধানৰ লক্ষ্যৰে এই চু্ক্তি স্বাক্ষৰ কৰা হ’ব।

- বড়ো সমস্যাৰ স্থায়ী সমাধানৰ লক্ষ্যৰে পুৱা ১১ বজাত এনডিএফবিৰ নেতৃবৰ্গ, এবছুকে ধৰি বড়ো জাতীয় সংগঠনৰ নেতৃত্বৰ সৈতে প্ৰস্তাৱিত শান্তি চুক্তি স্বাক্ষৰিত কৰাৰ সম্ভাৱনা আছে।
- কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত স্বাক্ষৰ হ’ব চুক্তিখন।
- ইফালে এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদৰ মুৰব্বী হাগ্ৰামা মহিলাৰী উপস্থিত থাকিব।
The post সোমবাৰে পুৱাৰে পৰা বিটিএডি অঞ্চলত উৰিল বগা পতাকা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2GnMHFe
via IFTTT
Comments
Post a Comment