আজিৰে পৰা আৰম্ভ ঐতিহাসিক নগাঁৱৰ চাপানালাৰ মহাকুণ্ড মেলা

ডিজিটেল সংবাদ,চামগুৰিঃ মাঘী সপ্তমী তিথিত যুগ-যুগ ধৰি নগাঁও জিলাৰ ইতিহাস প্ৰসিদ্ধ পৰ্যটন থলী চাপানালাত অনুষ্ঠিত হৈ আহিছে ঐতিহাসিক চম্পাৱতী কুণ্ডমেলা। এইবাৰো ব্যতিক্ৰম নহয়, বৃহস্পতিবাৰে পুৱাৰ ভাগৰ পৰায়ে চম্পাৱতীৰ কুণ্ডস্থলীত লাহে-লাহে ভক্তপ্ৰাণ ৰাইজৰ সমাগম পৰিলক্ষিত হৈছে।

বনভোজস্থলীত পুৱাৰে পৰা বিভিন্ন অস্থায়ী দোকান-পোহাৰৰ ব্যৱস্থা কৰাৰ লগতে পাহাৰৰ ভিতৰত অৱস্থিত মূল কুণ্ডৰ পূজা স্থলীলৈ যাবলৈ দৰ্শনাৰ্থীয়ে অতিক্ৰম কৰিব লগীয়া হোৱা প্ৰায় ৩/৪ কিলোমিটাৰ অতি বিপদসঙ্কুল পথ যাতায়তৰ সুবিধা কৰি দিয়াও দেখা পোৱা গৈছে উদ্যোক্তা সকলে।

উল্লেখযোগ্য যে, কছাৰী ৰজা হংসধ্বজৰ পত্নী প্ৰভাৱতীৰ চকুলোৰে সৃষ্টি বুলি জনাজাত জলকুণ্ড তথা জলপ্ৰপাতটোক ৰজাই নিজৰ জীয়ৰী চম্পাৱতীৰ নামেৰে নামকৰণ কৰিছিল। লেমলেমী নামৰ পাহাৰটোৰ ওপৰৰ বৃহৎকায় এটা শিলৰ ফাকৰ পৰা তলৰ পাদদেশলৈ খৰস্বোতা বেগেৰে বৈ অহা জলৰাশীয়ে এক মনোৰম নান্দনীক পৰিবেশৰ সূচনা কৰা জলকুণ্ডটিৰ তলতে জীয়েক চম্পাৱতীয়ে সৰস্বতী পূজাৰ পিছৰতো তিথিত অনুষ্ঠিত কৰিছিল আই বাকদেৱীৰ পূজা-অৰ্চনা আৰু তেতিয়াৰ পৰা যুগ-যুগ ধৰি চাপানালাৰ বৰ্তমানৰ বনভোজ স্থলীৰ নিচেই কাষতে অনুষ্ঠিত হৈ আহিছে বাকদেৱী পূজাৰ লগতে ঐতিহাসিক চম্পাৱতী কুণ্ডমেলা। প্ৰবাদ আছে যে, মাঘী সপ্তমী তিথিত কুণ্ডৰ পানীত স্নান কৰিলে ভক্ত সকলৰ মনোবাঞ্চা পূৰ্ণ হয় ।
The post আজিৰে পৰা আৰম্ভ ঐতিহাসিক নগাঁৱৰ চাপানালাৰ মহাকুণ্ড মেলা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2RFBshT
via IFTTT
Comments
Post a Comment