জনসভাত বিৰ্তকিত মন্তব্য কৰি নিৰ্বাচন আয়োগৰ ৰোষত কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ…

ডিজিটেল ডেস্কঃ সমাগত দিল্লী বিধানসভা নিৰ্বাচন। দিন চমু চপাৰ লগে লগে ৰাজনৈতিক দলসমূহে ভোটাৰক আকৰ্ষিত কৰাৰ বাবে অৱলম্বন কৰিছে না না কৌশল। কিন্তু শেহতীয়াকৈ দিল্লীৰ এক জনসভাত উদাত্ত ভাষণ প্ৰদান কৰি নিৰ্বাচন আয়োগৰ ৰোষত পৰিছে কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী অনুৰাগ ঠাকুৰ।
সোমবাৰে দিল্লীৰ ৰিথালা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ গৈ অনুৰাগ ঠাকুৰে অংশ লৈছিল এক জনসভাত। এই সভাতে ঠাকুৰে উদাত্ত ভাষনৰ মাজতে কৰিছিল এক বিৰ্তকিত মন্তব্য। তেওঁ কৈছিল যে, দেশৰ প্ৰতাৰকসকলক গুলী মাৰি দিব লাগে। কেৱল মন্তব্য কৰাই নহয় জনসভাত সকলো ৰাইজক এই শ্ল’গান দিবলৈও আহ্বান জনাইছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
এখন গণতান্ত্ৰিক দেশত এনে মন্তব্যৰ বাবে বিৰোধীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ওপৰত অভিযোগ তুলিছিল। ইয়াৰ পাছে মুখ্য নিৰ্বাচন আয়োগে এই বিষয়ৰ সন্দৰ্ভত দিল্লী নিৰ্বাচন আয়োগৰ পৰা ৰিৰ্পট বিচাৰিছে। নিৰ্বাচন আয়োগৰ এই প্ৰদক্ষেপক আদৰণি জনাইছে বিৰোধীয়ে।
The post জনসভাত বিৰ্তকিত মন্তব্য কৰি নিৰ্বাচন আয়োগৰ ৰোষত কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3145wqr
via IFTTT
Comments
Post a Comment