বিজেপিৰ ৰেলীত ‘কা’ৰ বিৰোধিতা কৰা মহিলাৰ সৈতে দুৰ্ব্যৱহাৰ দলীয় কৰ্মীৰ, দিলীপ ঘোষৰ বিতৰ্কিত মন্তব্য- ‘তেওঁৰ ভাগ্য ভাল যে…’

ডিজিটেল ডেস্কঃ বিতৰ্কিত মন্তব্যৰে প্ৰায়ে চৰ্চাত থাকে পশ্চিম বংগ বিজেপিৰ সভাপতি দিলীপ ঘোষ। বিশেষকৈ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদক লৈ দিলীপ ঘোষে বিগত সময়ছোৱাত কৰা মন্তব্যই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কিছুদিন পূৰ্বে এইগৰাকী বিজেপি নেতাই ‘কা’ৰ প্ৰতিবাদৰ নামত ৰাজহুৱা সম্পত্তিৰ ক্ষতিসাধন কৰা লোকসকলক উত্তৰ প্ৰদেশ আৰু অসমৰ বিজেপি চৰকাৰে কৰাৰ নিচিনাকৈ কুকুৰৰ দৰে গুলীয়াই মাৰিব লাগে বুলি মন্তব্য কৰিছিল। দিলীপ ঘোষৰ এই মন্তব্যৰ পিছতে বিৰোধীৰ লগতে সমগ্ৰ দেশেই প্ৰতিক্ৰিয়া ব্যক্ত কৰি নেতাজনক তীক্ষ্ণ সমালোচনাও কৰিছিল।

শেহতীয়াকৈ ‘কা’ৰ বিৰোধিতা কৰা এগৰাকী মহিলাক বিজেপিৰ কৰ্মকৰ্তাই দুৰ্ব্যৱহাৰ কৰাৰ পিছত দিলীপ ঘোষে মহিলাগৰাকীক লৈ কৰা মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে। বিৰোধীয়ে বিজেপি নেতাজনক ক্ষমা খোজাৰ দাবী তোলাৰ লগতে মহিলাক লৈ কৰা এনে মন্তব্যই মহিলাসকলক অপমান কৰা বুলিও দাবী কৰিছে বহুতে।

প্ৰণিধানযোগ্য যে, নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থনত বিজেপিয়ে দক্ষিণ কলকতাৰ পতুলীৰ পৰা যতীন এলেকালৈ বাহিৰ কৰিছিল এক সমদল। এই সমদলৰ নেতৃত্ব দিছিল খোদ দিলীপ ঘোষে। সমদলৰ মাজতে এগৰাকী মহিলাই হাতত ‘কা’ বিৰোধী বেনাৰ লৈ নাগৰিকত্ব সংশোধনী আইন আৰু বৃহস্পতিবাৰে জামিয়া মিল্লিয়া ইছলামিয়াত ‘কা’ প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰা কাৰ্যৰ বিৰোধিতা কৰে।

মহিলা গৰাকীয়ে এই প্ৰতিবাদ সাব্যস্ত কৰাত একাংশ বিজেপি কৰ্মীয়ে মহিলাগৰাকীৰ হাতৰ পৰা বেনাৰখন কাঢ়ি নিয়াৰ লগতে মহিলাগৰাকীক অকথ্য ভাষাৰে গালি গালাজ কৰে। আনকি একাংশ বিজেপি কৰ্মীয়ে মহিলাগৰাকীক গতা মাৰি দিয়াৰ লগতে শাৰিৰীকভাৱেও অপদস্থ কৰে। এই ঘটনাৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত দিলীপ ঘোষে বিজেপি কৰ্মীসকলে মহিলাগৰাকীৰ লগত কৰা আচৰণক সঠিক বুলি মন্তব্য কৰে।

বিজেপিৰ নেতাজনে কয়, ‘বিজেপি কৰ্মীসকলে যি কৰিছে সেয়া ঠিক কৰিছে। মহিলাগৰাকীয়ে নিজৰ ভাগ্যক ধন্যবাদ জনোৱা উচিত যে তেওঁক গতা মাৰি দিয়াৰ বাহিৰে আন একো নকৰিলে বিজেপি কৰ্মীসকলে। কিয় প্ৰতিবাদকাৰীয়ে আমাৰ ৰেলীৰ মাজত প্ৰতিবাদ কৰিবলৈ আহে? তেওঁলোকে অন্য অনুষ্ঠানলৈ যাব নোৱাৰে নেকি? আমি এতিয়ালৈকে বহুত সহ্য কৰিলো, কিন্তু এতিয়া এনে আচৰণক আমি আৰু সহ্য নকৰো।’

The post বিজেপিৰ ৰেলীত ‘কা’ৰ বিৰোধিতা কৰা মহিলাৰ সৈতে দুৰ্ব্যৱহাৰ দলীয় কৰ্মীৰ, দিলীপ ঘোষৰ বিতৰ্কিত মন্তব্য- ‘তেওঁৰ ভাগ্য ভাল যে…’ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3aWQck6
via IFTTT

Comments