৭ ফেব্ৰুৱাৰীত অসমলৈ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী শ্বাহক আমন্ত্ৰণ জনাব অসম চৰকাৰে…

  • জনতা ভৱনত সংবাদমেল সম্বোধন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
  • বড়ো শান্তি চুক্তি প্ৰসংগত আহ্বান কৰা হৈছে এই সংবাদমেল।
  • শীঘ্ৰেই বি টি আৰৰ সকলো সমস্যা দূৰ কৰাৰ আশ্বাস মন্ত্ৰীগৰাকীৰ।
  • বি টি আৰৰ যাৱতীয় সকলো প্ৰক্ৰিয়া অতি সোনকালেই সমাপন কৰা হব বুলিও ক’লে মন্ত্ৰীগৰাকীয়ে।
  • অসমৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰি চুক্তি স্বাক্ষৰ কৰা হৈছে বুলি উল্লেখ হিমন্তৰ।
  • তেওঁ কয়- ইতিহাস আৰু ৰাজ্যবাসীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী শ্বাহ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মনত ৰাখিব।
  • ৩০ জানুৱাৰীত মুখ্যমন্ত্ৰীৰ উপস্থিতিত অস্ত্ৰ সমাপন কৰিব বড়ো বিদ্ৰোহী সংগঠনসমূহে।
  • ১৫০০ তকৈ অধিক যুৱক ঘূৰি আহিব মূলসুঁতিলৈ।
  • ফেব্ৰুৱাৰীৰ ৭ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহ ডাঙৰীয়া অসম চৰকাৰে আমন্ত্ৰণ জনাব বুলিও জনায় শৰ্মাই।
  • বড়ো চুক্তিত আশীৰ্বাদ দিবৰ বাবে তেওঁলোকক আমন্ত্ৰণ জনাব বুলি কয় মন্ত্ৰীগৰাকীয়ে।

The post ৭ ফেব্ৰুৱাৰীত অসমলৈ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী শ্বাহক আমন্ত্ৰণ জনাব অসম চৰকাৰে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/36qFkaI
via IFTTT

Comments