‘কা’ৰ বিৰুদ্ধে দিল্লীৰ ৰাজঘাটত ১০৯ টা সংগঠনৰ মানৱ শৃংখল…

- বৃহস্পতিবাৰে ৰাজধানী দিল্লীস্থিত জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধি ৰাজঘাটত কা’ৰ বিৰুদ্ধে হ’ব মানৱ শৃংখল।
- ইয়াৰ লগতে জামিয়াৰ পৰা ৰাজঘাটলৈ উলিওৱা হ’ব সমদল।
- অৱশ্যে দিল্লী আৰক্ষীৰ ফালৰ পৰা এই কাৰ্যসূচীৰ বাবে দিয়া হোৱা নাই অনুমতি।
- জানিব পৰা মতে, জন একতা জন অধিকাৰ আন্দোলনৰ নেতৃত্বত প্ৰায় ১০৯টা সংগঠনে শান্তি বনৰ পৰা ৰাজঘাটলৈ উলিয়াব সমদল।
- হনুমান মন্দিৰ, লালকিল্লা, জামা মছজিদ আৰু দিল্লী গে’ট হৈ উলিওৱা হ’ব এই সমদল।
- এই প্ৰতিবাদী কাৰ্যসূচীৰ লগতে ৬০টা ছাত্ৰ সংগঠনে ৰাজঘাটলৈ সৃষ্টি কৰিব মানৱ শৃংখল।
- এই শৃংখল সন্ধিয়া ৫.১০ বজাৰ পৰা ৫.১৭ বজালৈ হ’ব।
The post ‘কা’ৰ বিৰুদ্ধে দিল্লীৰ ৰাজঘাটত ১০৯ টা সংগঠনৰ মানৱ শৃংখল… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2GyjxmK
via IFTTT
Comments
Post a Comment