উলহ-মালহেৰে অম্বিকাগিৰি নগৰৰ সেউজ সংঘত সৰস্বতী পূজাৰ আয়োজন…

ডিজিটেল ডেস্কঃ এইবাৰৰ দুদিনীয়াকৈ পালন কৰা হৈছে সৰস্বতী পূজা। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীক বুধবাৰে কিছু শিক্ষানুষ্ঠান-অনুষ্ঠানত আৰাধনা কৰাৰ সমান্তৰালভাৱে বৃহস্পতিবাৰেও প্ৰায়বোৰ অনু্ষ্ঠানত আয়োজন কৰা হৈছে পূজাভাগিৰ। ৰাজ্যৰ অধিক সংখ্যক শিক্ষানুষ্ঠানত বৃহস্পতিবাৰেই আৰাধনা কৰা হ’ব সৰস্বতীক।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ অম্বিকাগিৰি নগৰৰ সেউজ সংঘতো বৃহস্পতিবাৰেই আয়োজন কৰা হৈছে পূজাভাগিৰ। প্ৰতিবাৰেই সেউজ সংঘৰ বাকৰিত অঞ্চলটোৰ শিক্ষাৰ্থীসকলৰ কুশল কামনা কৰি সেউজ সংঘই আয়োজন কৰি আহিছে সৰস্বতী পূজা।

বুধবাৰে দেৱী প্ৰতিমা স্থাপন কৰাৰ পাছত বৃহস্পতিবাৰৰ পুৱাৰে পৰা দেৱী বন্দনাত মুখৰ হৈছে অম্বিকাগিৰি নগৰ। পুৱাই অঞ্চলটোৰ শিক্ষাৰ্থীসকলৰ লগতে বয়োজ্যেষ্ঠ জনেও আশীষ ল’লে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ।
The post উলহ-মালহেৰে অম্বিকাগিৰি নগৰৰ সেউজ সংঘত সৰস্বতী পূজাৰ আয়োজন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2GM5muN
via IFTTT
Comments
Post a Comment