দুদিনীয়া সৰস্বতী পূজাঃ আজিও বহু শিক্ষানুষ্ঠানত আৰাধনা কৰা হ’ব বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীক…

ডিজিটেল ডেস্কঃ এইবাৰ দুদিনীয়াকৈ পালন কৰা হৈছে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। পূজাৰ দ্বিতীয়টি দিনত বাগদেৱীৰ বন্দনাত পুৱাৰে পৰাই মুখৰ হৈ পৰিছে ৰাজ্যৰ স্কুল–কলেজ বিশ্ববিদ্যালয়সমূহ। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ শ্ৰীচৰণত সেৱা লৈ নিজৰ শিক্ষা জীৱনৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনাব শিক্ষাৰ্থীসকলে।

সৰস্বতী পূজা উপলক্ষে সজাই–পৰাই তোলা হৈছে বিদ্যালয়–মহাবিদ্যালয়সমূহৰ চৌহদ। ৰাজ্যৰ আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো দেখা গৈছে উখল–মাখল পৰিৱেশ। একাংশ বিদ্যালয়–মহাবিদ্যালয়ত বুধবাৰেই পালন কৰা হয় সৰস্বতী পূজা। আনহাতে, আন একাংশ স্কুল–কলেজত আজি আয়োজন কৰা হৈছে পূজাভাগিৰ।

তাৰিখক লৈ সৰস্বতী পূজাৰ বিভ্ৰান্তিৰ মাজতে কোন দিনা প্ৰকৃততে সৰস্বতী পূজা সেই সন্দৰ্ভত গীতা মিছনে ইতিমধ্যে এক স্পষ্টীকৰণ আগবঢ়াইছে। গীতা মিছনৰ অধ্যক্ষ ড০ মণি কাশ্যপৰ মতে, ৩০ জানুৱাৰীৰ দিনাহে আচলতে সৰস্বতী পূজা। বিবৃতিটোত উল্লেখ কৰা মতে, ভাৰতীয় সনাতনী বৈদিক পৰম্পৰা অনুসৰি মাঘৰ শুক্ল পক্ষৰ পঞ্চমী তিথিত বসন্ত পঞ্চমী বা সৰস্বতী পূজা উদযাপন কৰা হয়।

এই বৰ্ষত সেই তিথি আৰম্ভ হৈছে ২৯ জানুৱাৰীৰ দিনৰ ১০.৪৫ বজাৰ পৰা। আৰু অন্ত পৰিছে ৩০ জানুৱাৰীৰ দিনৰ ১.২০ বজাত। অসমত প্ৰচলিত পৰম্পৰা অনুসৰি সুৰ্যোদয়ৰ সময়ত যি তিথি আৰম্ভ হয়, সেই দিনাহে এই পৰ্ব পালন কৰাৰ নিয়ম। ২৯ জানুৱাৰীত সুৰ্যোদয়ৰ সময়ত যিহেতু পঞ্চমী তিথি আৰম্ভ নহয়, সেয়েহে ৩০ জানুৱাৰীৰ দিনাহে সুৰ্যোদয়ৰ পাছৰ পৰা পঞ্চমী তিথি গণ্য কৰা হয়।

The post দুদিনীয়া সৰস্বতী পূজাঃ আজিও বহু শিক্ষানুষ্ঠানত আৰাধনা কৰা হ’ব বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/37Pdl6d
via IFTTT

Comments