দুৰ্ভাগ্যজনক! ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ বাবে আৱদ্ধ গাড়ী; চিকিৎসাৰ বাবে হাস্পাতাল পোৱাৰ পূৰ্বেই মৃত্যু মহিলাৰ
ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ বাবে গাড়ী আৱদ্ধ কৰি ৰখাৰ বাবে সৃষ্টি হোৱা যানজঁটত পৰি সময়মতে হাস্পাতাল নোপোৱাত এগৰাকী অসুস্থ মহিলাই মৃত্যুক সাৱটি ল’বলগীয়া ঘটনা ঘটিছে।
মহিলাগৰাকীৰ এনে দুৰ্ভাগ্যজনক মৃত্যুত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ আৰু তেওঁৰ পত্নী সৱিতা কোৱিন্দে শোক প্ৰকাশ কৰিছে।
বাতৰি অনুসৰি, শুকুৰবাৰে নিশা ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ তিনিদিনীয়া ভ্ৰমণসূচী লৈ উত্তৰ প্ৰদেশৰ কানপুৰত উপস্থিত হয়।
ৰাষ্ট্ৰপতি যোৱাৰ বাবে গোবিন্দপুৰী সেতুৰ পৰা ফজলগঞ্জলৈকে যান-বাহন আৱদ্ধ কৰি ৰখা হৈছিল। ইয়াৰ ফলত ব্যাপক যানজঁটৰ সৃষ্টি হয়। এনে যানজঁটৰ ফলতে হাস্পাতাললৈ নিয়া গুৰুতৰভাৱে অসুস্থ মহিলাগৰাকীৰ গাড়ীখনো আৱদ্ধ হৈ পৰে।
যানজঁটৰ বাবে মহিলাগৰাকীক সময়মতে হাস্পাতাল পোৱাবগৈ পৰা নগ’ল। ফলত বন্দনা মিশ্ৰ নামৰ মহিলাগৰাকী মৃত্যুৰ মুখত পৰে। হাস্পাতাল পোৱাৰ পাছতে চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
বন্দনা মিশ্ৰ ইণ্ডিয়ান এছ’চিয়েশ্যন অফ ইণ্ডাষ্ট্ৰীজৰ কানপুৰ গোটৰ মহিলা শাখাৰ মুৰব্বী আছিল।
এই ঘটনাৰ বাবে ক্ষমা বিচাৰিছে কানপুৰৰ আৰক্ষী আয়ুক্ত অসীম অৰুণে। তেওঁ এয়া ভৱিষ্যতৰ বাবে এক ডাঙৰ শিক্ষা বুলি উল্লেখ কৰি এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহ’য় তাৰ বাবে আগলৈ পথ নিৰ্দেশনা ব্যৱস্থা শুধৰণি ঘটাই নাগৰিকসকল অতি ন্যুনতম সময়হে যাতে আৱদ্ধ হ’বলগা হয় তাৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে।
এই ঘটনাৰ বাবে জিলা প্ৰশাসনৰ ফালৰ পৰা এক তদন্তৰ নিৰ্দেশ দিয়া হৈছে আৰু চাৰিগৰাকী আৰক্ষী বিষয়াক ইতিমধ্যে নিলম্বন কৰা হৈছে।
জানিব পৰা মতে, ঘটনাৰ পাছতে কানপুৰ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া গৈ মৃত বন্দনা মিশ্ৰৰ ঘৰত উপস্থিত হৈ শোকপ্ৰকাশ কৰাৰ লগতে ঘটনাৰ সময়ত কিমান সময় যানজঁটত আৱদ্ধ হ’বলগা হৈছিল সেই বিষয়েও জানিব বিচাৰে।
The post দুৰ্ভাগ্যজনক! ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ বাবে আৱদ্ধ গাড়ী; চিকিৎসাৰ বাবে হাস্পাতাল পোৱাৰ পূৰ্বেই মৃত্যু মহিলাৰ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3jghYP9
via IFTTT
Comments
Post a Comment