১মিনিটত ২৫খবৰ…

১. বঙাইগাঁৱৰ ASP পংকজ কাকতিৰ বিৰুদ্ধে গোচৰ ৰুজু। বঙাইগাঁও থানাত গোচৰ ৰুজু কৰিলে যোগীঘোপাৰ OCএ।
২. নতুন দিল্লীত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত সোণোৱালৰ।
৩. দুদিনৰ বাবে অখিল গগৈক মাতৃ-পুত্ৰৰ কাষলৈ যোৱাৰ অনুমতি। প্ৰথমটো নিশা গুৱাহাটীৰ চানমাৰিত পুত্ৰৰ সৈতে কটাব বিধায়কজনে।
৪. ৰাজ্য কঁপোৱা APSC কেলেংকাৰিৰ নতুন মোৰ। বিশেষ ন্যায়াধীশৰ আদালতত সুৰজিত্ সিং পানেছৰৰ নতুন আবেদন।
৫. সুশান্ত সিং ৰাজপুটৰ ওপৰত আধাৰিত ছবি মুক্তিৰ অস্বীকাৰ দিল্লী উচ্চ ন্যায়ালয়ৰ।
৭. কামৰূপ মহানগৰৰ উপায়ুক্ত কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক অতুল বৰা।
৮. অহা সোমবাৰৰ পৰা ৰাজ্যত প্ৰযোজ্য হ’ব নতুন SOP। শনি আৰু দেওবাৰে পূৰ্বৰ দৰেই বাধা-নিষেধ অব্যাহত থাকিব।
৯. ১ জুলাইৰ পৰা কৃষিকাৰ্য আৰম্ভ হ’ব ছিপাঝাৰ সমষ্টিৰ ধলপুৰৰ গৰুখুটিৰ চৰকাৰৰ প্ৰস্তাৱিত ৭৭ হাজাৰ বিঘা ভূমিত।
১০. গুৱাহাটী মহানগৰীত পুনৰ দিন ডকাইতি। ফটাশিল আমবাৰীত দুৰ্বৃত্তই লুটি নিলে নগদ ৩৫ লাখ টকা।
১১. কোভিডৰ বাবে বন্ধ হৈ আছে ধৰ্মীয় অনুষ্ঠান। খুমটাইৰ ঐতিহাসিক চিনাতলী বৰনামঘৰতো শূন্য ভক্তৰ সমাগম।
১২. উচ্চতৰ মাধ্যমিক মূল্যাংকন কমিটীৰ প্ৰতিবেদন দাখিল। শিক্ষামন্ত্ৰীৰ হাতত প্ৰতিবেদন ডঃ দীপক কুমাৰ শৰ্মা কমিটীৰ।
১৩. ৰাজীৱ ভৱনত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক। নিৰ্বাচনৰ পিছত ৰাজীৱ ভৱনত প্ৰথমখন বৈঠক প্ৰদেশ কংগ্ৰেছৰ।
১৪. ৰাজ্যৰ ১৫খন জিলাত ভয়াৱহ ৰূপত কোভিড সংক্ৰমণ। ১৫খন জিলাক RED DISTRICTS হিচাপে চিনাক্ত কৰা হৈছে।
১৫. ধাৰাসাৰ বৰষুণৰ ফলত বুৰিল ধেমাজি নগৰ। ইফালে ডিব্ৰুগড়ৰ মৰাণত বুঢ়ীদিহিঙৰ কালৰূপ।
১৬. যোৱা দেওবাৰে সংঘটিত জঘন্য কাণ্ডৰ তদন্তৰ অগ্ৰগতিৰ বুজ ল’বলৈ আজি মৰিগাঁৱৰ ভূৰাগাঁৱত উপস্থিত হ’লগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
১৭. খাদ্যৰ সন্ধানত জনাঞ্চলত মুক্ত বিচৰণ বন্যহস্তীৰ। আমচাং অভয়াৰণ্যৰ পৰা ওলাই আহিল ৩টাকৈ বন্যহস্তী।
১৮. প্ৰায় ২০০০ লোকক ভুৱা কোভিড ভেকচিন প্ৰদানঃ মুম্বাই আৰক্ষী।
২০. শীঘ্ৰে বিজেপিলৈ আহিব বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ। কমলাক্ষক বিজেপিলৈ অহাৰ আহ্বান ৰূপজ্যোতি কুৰ্মীৰ।
২১. ৰাজ্যৰ ১৫খন জিলাত ভয়াৱহ ৰূপত কোভিড সংক্ৰমণ। ১৫খন জিলাক RED DISTRICTS হিচাপে চিনাক্ত কৰা হৈছে।
২২. বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত মুখ্যমন্ত্ৰীক সাক্ষাৎ বিপিএফৰ এক সঁজাতী দলৰ।
২৩. ক’ভিডৰ প্ৰথম ঢৌত অধিক ক্ষতিগ্ৰস্ত হৈছিল দেশৰ গৰ্ভৱতী মহিলাসকল। যাৰ বাবেই Indian Council of Medical Research এ শেহতীয়া এক অধ্যয়নৰ অন্তত গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
২৪. প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। নতুন দিল্লীত সৌজন্যমূলক সাক্ষাৎ সৰ্বানন্দ সোণোৱালৰ।
২৫. বিপদে লগ এৰা নাই বঙাইগাঁৱৰ বিতৰ্কিত ASP পংকজ কাকতিক। এইবাৰ পংকজ কাকতিৰ বিৰুদ্ধে বঙাইগাঁও সদৰ থানাত ৰুজু হৈছে গোচৰ।
The post ১মিনিটত ২৫খবৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3haLi77
via IFTTT
Comments
Post a Comment