অখিল গগৈৰ বিৰুদ্ধে পুনৰ অভিযোগনামা দাখিল NIAৰ..

ডিজিটেল ডেস্কঃ পুনৰ অখিল গগৈৰ বিৰুদ্ধে এক অতিৰিক্ত অভিযোগনাম দাখিল কৰিছে NIA য়ে। প্ৰায় ডেৰ বছৰ ধৰি কাৰাবন্দী হৈ থকা অখিল গগৈৰ বিৰুদ্ধে উত্থান হোৱা বহু কেইটা অভিযোগৰ পৰা দোষ মুক্ত ঘোষণা কৰিছে আদালতে। শেহতীয়াকৈ চাবুৱা গোচৰত দোষমুক্ত হোৱা অখিল গগৈৰ সন্মুখত আছিল চানমাৰি থানাৰ এটা গোচৰ। এই গোচৰত দোষ মুক্ত হ’লেই অখিল গগৈ মুক্ত আকাশৰ তললৈ আহিব পাৰিব বুলি তেওঁৰ অনুৰাগীসকলে আশা কৰিছিল। কিন্তু অখিল গগৈৰ সন্মুখত আহি পৰিছে আন এক প্ৰত্যাহ্বান।

ক্লিক কৰি পঢ়কঃ ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতি…

মঙলবাৰে অখিল গগৈৰ বিৰুদ্ধে নিয়াই দাখিল কৰিছে এক অতিৰিক্ত অভিযোগ নামা। নিয়াই দাখিল কৰা এই অভিযোগ নামাৰ পাছতে এতিয়া চৰকাৰ আৰু নিয়াক সমালোচনা কৰিছে ৰাইজৰ দলে। দলটোৰ নেতা ভাস্কো ডি শইকীয়াই সংবাদ মাধ্যমৰ আগত কয়, এয়া চৰকাৰৰ ষড়যন্ত্ৰ। নিয়াই দাখিল কৰা এই অভিযোগনামা পূৰ্বৰ দৰেই নাম-ঠিকনা গোপনে ৰাখি বেনামীভাবে দাখিল কৰা হৈছে।

ভাস্কো ডি শইকীয়াই নিয়াই দাখিল কৰা এই অভিযোগ নামাৰ প্ৰসংগত কয়, এই অভিযোগ একপ্ৰকাৰৰ অখিল গগৈৰ জনপ্ৰিয়তাক লৈ চৰকাৰী পক্ষই কৰা অভিযোগ। সন্মুখত কেইবাটাও বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই অভিযোগ দাখিল কৰা হৈছে। অখিল গগৈ যদি কাৰাবন্দীত্বৰ পৰা মুকলি হয় তেনেহ’লে এই উপ নিৰ্বাচনত তেওঁৰ লগতে ৰাইজৰ দলৰ প্ৰভাৱ থাকিব। সেয়ে এই অভিযোগ দাখিলৰ ক্ষেত্ৰত চৰকাৰী পক্ষই নিয়াক হেঁচা দিয়াৰ আশংকা কৰিছে ৰাইজৰ দলৰ নেতাগৰাকীয়ে।

উল্লেখ্য যে ইতিমধ্যে চাবুৱা থানাৰ গোচৰত অখিল গগৈয়ে দোষ মুক্ত হোৱাৰ পাছতে সমগ্ৰ দেশতে নিয়া সমালোচনাৰ সন্মুখীন হৈছিল। আদালতত এক প্ৰকাৰে মুখথেকেচা খাইছিল তদন্তকাৰী সংস্থাটোৱে। ইতিমধ্যে চানমাৰি থানাৰ নিয়াৰ গোচৰৰ নিয়াৰ আদালতত চলি থকা চাৰ্চ ফ্ৰেমৰ শুনানি প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে। তেনে সময়ত অখিলৰ বিৰুদ্ধে পুনৰ অভিযোগনামা দাখিল কাৰ্যই অখিলৰ মুকলি হোৱাৰ বাটত পুনৰ যে প্ৰত্যহ্বানৰ সৃষ্টি হ’ব সেয়া নিশ্চিত।

The post অখিল গগৈৰ বিৰুদ্ধে পুনৰ অভিযোগনামা দাখিল NIAৰ.. appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3hcQfMo
via IFTTT

Comments