পুৱাৰ খবৰ

১. ৰাজ্যত বিগত দিনকেইটাত কোৰোনাৰ পজিটিভিটিৰ হাৰ দুই শতাংশতকৈ হ্ৰাস পাইছিল যদিও ২৪ বিগত ঘণ্টাত কোভিড পজিটিভিটিৰ হাৰ দুই শতাংশতকৈ কিছু বৃদ্ধি পাইছে। বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত মুঠ ৩৩ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।আনহাতে এই সময়চোৱাত কোৰোনাত আক্ৰান্ত হৈছে ২৬৪০ গৰাকী লোক। একেসময়তে ৰাজ্যত ১,২৭,৮৮৭ জন লোকক কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।
২. ৰাজ্যত বিগত ২৪ ঘণ্টাত কোভিড পজিটিভিটিৰ হাৰ হৈছে ২.০৬ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৩.৩৩ শতাংশ।ৰাজ্যখনত পুনৰ কোভিড পজিটিভিটিৰ হাৰ ২ শতাংশৰ ওপৰলৈ যোৱাৰ প্ৰতি লক্ষ্য ৰাখি কোভিড পৰিস্থিতি এতিয়াও উদ্বেগমুক্ত বুলি ক’ব নোৱাৰি।ইফালে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৰাজ্যত পুনৰ ঘোষণা কৰিছে নতুন এছ অ’ পি।
৩. ৰাজ্যৰ কোভিডৰ সংক্ৰমণৰ হাৰ কিছু উন্নতি ঘটাৰ লগে লগে ৰাজ্য চৰকাৰে অহা সোমবাৰৰ পৰা এসপ্তাহলৈ কাৰ্যকৰী হোৱাকৈ নতুন কোভিড নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্যৰ ৯ খন জিলা ক্ৰমে কাচাৰ, তিনিচুকীয়া,ডিব্ৰুগড়, শোণিতপুৰ ,নগাঁও, মৰিগাঁও, যোৰহাট, ঘোলাঘাট আৰু বিশ্বনাথত কোভিড পৰিস্থিতিৰ আশানুৰূপ উন্নতি নোহোৱাত এই জিলা কেইখন ৰেড ডিষ্ট্ৰিক হিচাবে চিহ্নিত কৰা হৈছে।ইয়াৰ উপৰিও কোভিড হটস্পটৰ সংখ্যা ২৪৭ টালৈ বৃদ্ধি পাইছে আৰু ৪৫৮১ টা অঞ্চলত চোকা দৃষ্টি ৰখাৰ ব্যৱস্থা কৰা হৈছে।
৪. বিশ্বনাথ, মৰিগাওঁ, গোৱালপাৰা জিলাৰ উপৰিও বোকোখাট মহকুমা সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন হিচাবে ঘোষণা কৰা হৈছে। এই জিলা কেইখনত ২৪ ঘণ্টাই কাৰ্ফিউ থাকিব। অৱশ্যে এই সময়চোৱাত চাৰিওখন জিলাতে গেলামালৰ দোকান থোলা থাকিব। এই গেলামালৰ দোকানৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিব পাৰিব বিয়লি ৫ বজালৈকে। গেলামালৰ দোকানতে ৰাইজৰ সুবিধাৰ্থে শাক-পাচলি বিক্ৰী কৰিব পাৰিব বিক্রেতাই। আনহাতে কামৰূপ মহানগৰ জিলাত ৩ বজালৈ দোকান পোহাৰ খোলাৰ অনুমতি প্ৰদান কৰা হৈছে। জিলাখনত , ৪ বজাৰ পৰা সকলো বন্ধ হ’ব। বাকী জিলা সমূহত পূৰ্বৰ নীতি নিৰ্দেশনাই বাহাল থাকিব।
৫. দেশত বৃদ্ধি পাইছে কোভিডৰ ভুৱা ভেকচিন প্ৰদানৰ ঘটনা। ভুৱা ভেকচিন গ্ৰহণ কৰি গুৰুত্বৰ ভাৱে অসুস্থ হৈ পৰিছে পশ্চিমবংগৰ সাংসদ মিমি চক্ৰৱৰ্তী। পশ্চিমবংগৰ জনপ্ৰিয় অভিনেত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীয়ে চাৰি দিন পূৰ্বে দেৱাঞ্জনা দেৱ নামৰ লোক জনে অনুষ্ঠিত কৰা কোভিড ভেকচিন প্ৰদান কেন্দ্ৰত ভেকচিন গ্ৰহণ কৰে। ইয়াৰ পাছতে তেওঁ অসুস্থ হৈ পৰে। উল্লেখ্য যে দেৱাঞ্জনা দেৱে নিজকে এগৰাকী প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে চিনাকি দিয়ে যদিও তেওঁ এজন প্ৰতাৰক হে।
৬. নগাঁও জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত শিশুৰ সংখ্যা। জিলাখনত এমহীয়া শিশুৰ পৰা ১৪ বছৰীয়া শিশুলৈ মুঠ ডেৰ শতাধিক শিশু কোৰোনাত আক্ৰান্ত হোৱাৰ খবৰ লাভ কৰা গৈছে। অৱশ্যে জিলাখনৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এই কথা স্বীকাৰ কৰা নাই। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণত আহি পৰা তথ্য অনুসৰি জিলাখনৰ চৰকাৰী হস্পিতাল, ব্যক্তিগত হস্পিতাল আৰু নিজ গৃহত আইশ্যেছনত থকা কোৰোনা আক্ৰান্ত শিশুৰ সংখ্য ১৭২ গৰাকী।
৭. ৰাজ্যিক বিজেপিৰ নতুন সভাপতি ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই আনুষ্ঠানিকভাৱে শনিবাৰে ঘোষণা কৰিলে ভৱেশ কলিতাৰ নাম। উল্লেখ্য যে ৰাজ্যিক সভাপতি হিচাপে পূৰ্বে দায়িত্ব পালন কৰা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্তক ৰাজ্যিক বিজেপিৰ পুনৰ সভাপতি হিচাপে দায়িত্ব প্ৰদান কৰা হ’ব বুলি প্ৰচাৰ চলিছিল।
৮. আগন্তুক টকিঅ’ অলিম্পিকত ভাৰতৰ যিসকল খেলুৱৈ সোণৰ, ৰূপৰ আৰু ব্ৰঞ্জৰ মেডেল লাভ কৰিবলৈ সক্ষম হ’ব তেওঁলোকলৈ বিশেষ উপহাৰ আগবঢ়াব তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে ঘোষণা কৰিছে যে যিসকল ভাৰতীয় খেলুৱৈয়ে অলিম্পিকত পদক লাভ কৰিব তেওঁলোক ক্ৰমে ৩, ২ আৰু ১ কোটিকৈ টকা উপহাৰ হিচাপে আগবঢ়াব।
৯. আজি লাডাখত উপস্থিত হ’ব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। লাডাখত ভাৰত আৰু চীনৰ মাজত বিবাদ আৰম্ভ হোৱাৰে পৰা বৰ্তমানলৈকে চেপা উত্তেজনা বিৰাজ কৰি আছে। বৰ্তমানলৈকে লাডাখত ভাৰত আৰু চীনে ১১ খনকৈ বৈঠকত অংসগ্ৰহণ কৰিছে যদিও বিবাদৰ কোনো সমাধানসূত্ৰ বিচাৰি পোৱা নাই। সেয়ে দুয়োখন দেশে পুনৰ আলোচনাত মিলিত হোৱাৰ পোষকতা কৰিছে। এনে অৱস্থাত প্ৰতিৰক্ষা মন্ত্ৰীৰ লাডাখ ভ্ৰমণে বিশেষ চৰ্চা লাভ কৰিছে।
১০. প্ৰায় দুবছৰৰ মূৰত নিজ গৃহত উপস্থিত হ’লগৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ। কা আন্দোলনৰ সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অখিল গগৈ প্ৰায় ডেৰ বছৰ ধৰি কাৰাবন্দী হৈ আছিল। নিয়াৰ আদালতে অখিল গগৈৰ আবেদন গ্ৰহণ কৰি দুদিনৰ বাবে মুকলি আকাশৰ তললৈ যাবলৈ অনুমতি প্ৰদান কৰিছিল।তাৰ পাছতে অখিলে ২৫ জুনৰ নিশা গুৱাহাটীৰ বাসগৃহত পত্নী, পুত্ৰৰ লগত নিশা পাৰ কৰি তেওঁ ২৬ তাৰিখে যোৰহাটৰ নিজা বাসগৃহত গৈ উপস্থিত হয়। প্ৰায় ২ বছৰৰ মূৰত নেতাগৰাকীয়ে নিজ মাতৃক দেখা পায়। ইয়াৰ পাছতে দুয়ো আৱেগিক হৈ পৰে। ইফালে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছত পোন প্ৰথমবাৰৰ বাবে অখিল গগৈক সমষ্টিত উপস্থিত হোৱাত তেওঁৰ অনুৰাগীসকলেও আহি বাসগৃহত ভিৰ কৰেহি।
The post পুৱাৰ খবৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2U6nIAe
via IFTTT
Comments
Post a Comment