বিহপুৰীয়া কংগ্ৰেছত মোক্ষম আঘাত: তিনি নেতাৰ পদত্যাগ…

ডিজিটেল সংবাদ,বিহপুৰীয়া : কংগ্ৰেছ দলত অব্যাহত আছে পদত্যাগৰ ঢৌ ৷ দলটোৰ বিয়াগোম নেতাৰ পৰা আৰম্ভ কৰি তৃণমূল পৰ্যায়ৰ নেতালৈকে সকলোৱে ইতিমধ্যে দল এৰিবলৈ আৰম্ভ কৰিছে ৷ বিহপুৰীয়া কংগ্ৰেছৰ তিনি নেতাই আজি আনুষ্ঠানিকভাৱে দলটোৰ সকলো বিষয়বাবৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰে ৷ বিহপুৰীয়া প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদ মেলৰ জড়িয়তে বিহপুৰীয়া ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক, বিহপুৰীয়া সমষ্টি যুৱ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি তথা বিহপুৰীয়া পৌৰ সভাৰ প্ৰাক্তন ৱাৰ্ড কমিচনাৰ ৰুপক বৰা, বিহপুৰীয়া ব্লক কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা ব্লক ইয়ং ব্ৰীগেডৰ সভাপতি বেনুধৰ দাস আৰু পিছলা মণ্ডল কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক তথা নাৰায়ণপুৰ ব্লক যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি বিজু শইকীয়াৰ দল ত্যাগৰ কথা ঘোষণা কৰে ৷
ইতিমধ্যে দলীয় নেতৃত্বলৈ নেতাত্ৰয়ে পদত্যাগ পত্ৰ প্ৰেৰণ কৰা বুলি সংবাদমেলত সদৰী কৰে ৷ বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ভুপেন কুমাৰ বৰাৰ অত্যন্ত ঘনিষ্ঠ তিনি নেতাই দলৰ কেতবোৰ নীতি সমৰ্থন কৰিব নোৱাৰাৰ লগতে অসমীয়া জাতি জনগোষ্ঠী তথা মূলসুঁতিৰ অসমীয়াই দলটোৰ প্ৰতি দেখুৱা অনীহা আৰু দলটোৰ ধাৰাবাহিক বিপৰ্যয়ৰ বাবেই দলত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি সংবাদমেলত ঘোষণা কৰে ৷ আগন্তুক সময়ত নেতাত্ৰয়ে কোন দলত যোগদান কৰিব সেইয়া সদৰী নকৰিলেও বিহপুৰীয়াৰ অৰ্দ্ধশতাধিক কংগ্ৰেছ দলৰ নেতা কৰ্মীয়ে শীঘ্ৰে দলটো ত্যাগ কৰিব বুলি জানিবলৈ দিছে ৷
উল্লেখযোগ্য যে একালৰ সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সম্পাদক হিচাবে কাৰ্যনিৰ্বাহ কৰা ৰুপক বৰাৰ লগতে আন দুই প্ৰাক্তন ছাত্ৰ নেতাৰ বৰ্তমানৰ সমষ্টিৰ বিধায়ক তথা একালৰ আছু নেতা ড° অমিয় কুমাৰ ভূঞাৰ লগত থকা ঘনিষ্ঠতাৰ সূত্ৰেই আগন্তুক সময়ত তেওঁলোকে বিজেপি দলত যোগদান কৰাতো প্ৰায় নিশ্চিত ৷ উল্লেখ্য যে বিহপুৰীয়া কংগ্ৰেছৰ এই তিনি নেতাৰ দলত্যাগ দলটোৰ বাবেই এক মোক্ষম আঘাট হিচাবে বিবেচিত হৈছে ৷
The post বিহপুৰীয়া কংগ্ৰেছত মোক্ষম আঘাত: তিনি নেতাৰ পদত্যাগ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3h5IqZ8
via IFTTT
Comments
Post a Comment