কাশ্মীৰত সংন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছতে প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক…

কাশ্মীৰত সংন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছতে প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক…
ডিজিটেল ডেস্কঃ পুনৰ কাশ্মীৰত পাকিস্তানী সন্ত্ৰাসবাদীয়ে আক্ৰামণৰ ঘটনা সংঘটিত কৰাৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ এক জুৰুৰী বৈঠক মঙ্গলবাৰৰ অনুষ্ঠিত হৈ যায়।
ক্লিক কৰি পঢ়কঃ ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতি…
এই বৈঠকতে দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভৱিষ্যেতে আহিব পৰা প্ৰত্যাহ্বান, দেশৰ সশস্ত্ৰ বাহিনীক আধুনিকৰণ, সশস্ত্ৰ বাহিনীক আধুনিক অস্ত্ৰৰ সৈতে সুদক্ষ কৰি তোলা আদি বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে যোৱা দেওবাৰে কাশ্মীৰত পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে প্ৰথমবাৰৰ বাবে ড্ৰোণ ব্যৱহাৰ কৰি ৫ মিনিটৰ ব্যৱধানত দুটাকৈ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত কৰিছে।দেওবাৰে পুৱতি নিশা ১ঃ৪০ বজাত সংঘটিত হৈছিল প্ৰথমটো আক্ৰমণৰ ঘটনা।এই আক্ৰমণ সংঘটিত হয় জন্মুৰ এয়াৰ ফ’ৰ্ছ ষ্টেশ্যনত। ইয়াৰ পাছত ১ঃ৪৫ মিনিটত সংঘটিত হয় দ্বিতীয়টো বোমা বিস্ফোৰণৰ ঘটনা।এই ঘটনাও একেটা স্থানতে সংঘটিত হয়। দুয়োটা বিস্ফোৰণত ভাৰতৰ দুগৰাকী বায়ুসেনাৰ জোৱান আহত হৈছিল।
কাশ্মীৰত শেহতীয়াকৈ সৃষ্টি হোৱা এই আক্ৰমণৰ ঘটনাৰ পাছতে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী আৰু দেশৰ নিৰাপত্তা উপদেষ্টাৰ মাজত অনুষ্ঠিত হোৱা এই বৈঠক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।
The post কাশ্মীৰত সংন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছতে প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3y6wXiD
via IFTTT
Comments
Post a Comment