১ মিনিটত ২৫খবৰ…

১

১. নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কভিড চেন্টাৰৰ পৰা পলায়ন কৰা ৰোগী বটদ্ৰৱাৰ ভোগবাৰীত উদ্ধাৰ। ৰোগী গৰাকীৰ বয়স ৭০ৰো উৰ্ধৰ।

২. অৰুণাচলৰ লিকাবালি-পাংগিংত সংঘটিত হৈছে এক বৃহৎ অঘটন। বলেং পাংগিং সংযোগী দলং ভাঙি নদীত পৰি ডুব গ’ল শিল কঢ়িয়াই নিয়া এখন ডাম্পাৰ। ডাম্পাৰখনত আছিল চালকসহ তিনিজন ব্যক্তি।

৩. স্তনপান কৰোৱা মাতৃৰ বাবে নিৰাপদ কোভিড ভেকচিন। আস্বস্ত কৰিলে স্বাস্থ্য মন্ত্ৰ্যালয়ে।

৪. ডিফুত ১২ কোটি টকাৰ মিনাৰেল ৱাটাৰ প্ৰকল্পৰ আধাৰশিলা। মিনু ইংতিপী নামৰ উদ্যমী যুৱতীৰ প্ৰশংসনীয় পদক্ষেপ।

৫. ঘিলামৰা কোভিড কেয়াৰ চেণ্টাৰত বিজুতি। নিশা ১০  বজালৈকে অনাহাৰে  আন্ধাৰে ৰোগী।

৬. মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ ড্ৰাগছ বিৰোধী অভিযানৰ প্ৰশংসা কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই।

৭. বিটিচিত চৰকাৰ গঠনৰ সকলো ধৰণৰ চেষ্টা অব্যাহত ৰাখিছে বিপিএফে। বিটিচিত চৰকাৰ গঠনৰ স্বাৰ্থত বিৰোধীৰ আসনত বহিও বিজেপিক সহায় কৰিবলৈ সাজু বিপিএফ।

৮. ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ বাবে মনোনীত হ’ল দ্যুতি চান্দ

৯. ‘অখিল গগৈক মুকলি কৰি সন্মুখৰ পৰা যুঁজ কৰক চৰকাৰে।বিজেপিলৈ প্ৰত্যাহ্বান ৰাইজৰ দলৰ।

১০. বৰপেটাৰ কলগাছিয়াত কৃত্ৰিম বান। পানীৰ তলত ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ।

১১. অসম প্ৰদেশ বিজেপিৰ নৱনিযুক্ত সভাপতি ভৱেশ কলিতাই আজি দায়িত্বভাৰ গ্ৰহণ কৰে। কলিতাক শুভেচ্ছা বাৰ্তা দিয়ে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই।

১২. নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে জোনাইৰ বিস্তীৰ্ণ অঞ্চল। ওফন্দি উঠিছে চিয়াং আৰু লেকু নৈ।

১৩. উদালিৰ চিকিত্সক আক্ৰমণৰ ঘটনাৰ অভিযোগনামা দাখিল। ২৯ দিনৰ ভিতৰত অভিযোগনামা দাখিল কৰিলে হোজাই আৰক্ষীয়ে।

১৪. সোমবাৰে GMCHত ১২জনকৈ কোভিড ৰোগীৰ মৃত্যু। ঘটনা সংক্ৰান্তত GMCHৰ অধীক্ষকৰ মন্তব্য।

১৫. বহিঃৰাজ্যত মাজুলীৰ দুই যুৱকৰ পথ দুৰ্ঘটনাত মৃত্যু। অৰ্থৰ অভাৱত গোৱাৰ পৰা মৃতদেহ আনিব নোৱাৰি দিক-বিদিক হেৰুৱাইছে পৰিয়ালটোৱে।

১৬. মাচুল বৃদ্ধিক লৈ প্ৰতিবাদত নামিল ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰী।

১৭. ভূমিস্খলনৰ ফলত আন এক ভয়ংকৰ ঘটনা সংঘটিত হ’ল অৰুণাচল প্ৰদেশৰ ল’ৱাৰ চিয়াং জিলাৰ লিকাবালী আৰু বাচাৰৰ মাজত। পুৱা সংঘটিত হোৱা এই ভূমিস্খলনৰ ফলত শিল-বালিৰ মাজত আবদ্ধ হৈ পৰে এখন মিনি ট্ৰাক।

১৮. ৰাজ্যত চেঞ্চুৰীৰ দিশে পেট্ৰল-ডিজেলৰ মূল্য। বিগত চাৰিটা মাহতে ৪-৫ টকাকৈ বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ দাম।

২০. বাইহাটাৰ শিঙাৰপাৰাত জহি খহি গৈছে পশু চিকিত্সালয়। ১৫-২০খন গাঁও সাঙুৰি স্থাপন কৰা হৈছিল চিকিত্সালয়খন।

২১. আৰক্ষীৰ গুলীত আহত অজিত দাসৰ অপহৰণকাৰী। নিশা মৰিগাঁৱৰ ঘগুৱা পাহাৰত পলায়নৰ চেষ্টা ৰাজ বাবু সিঙৰ।

২২. চিৰাং মটৰচাইকেল চুৰি চক্ৰৰ বিৰুদ্ধে সফল অভিযান । মাত্ৰ দহ দিনৰ ভিতৰতে ৩৬ খনকৈ চুৰি যোৱা মটৰচাইকেল উদ্ধাৰ আৰু ১৯ গৰাকী মটৰচাইকেল চোৰক গ্ৰেপ্তাৰ ।

২৩. দৰঙত মঙলবাৰে ৪৭ জন লোকৰ শৰীৰত ধৰা পৰে ক’ভিড ১৯ ৰ উপস্থিতি । এইসকলক ধৰি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জিলাখনত ক’ভিড আক্ৰান্তৰ সংখ্যা ৭২৪০ জনলৈ বৃদ্ধি পালে।

২৪. ২৪ ঘণ্টাৰ ভিতৰত দুটাকৈ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছত জম্মু-কাশ্মীৰত তীব্ৰতৰ হৈ উঠিছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সামৰিক অভিযান।

২৫. অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ সীমান্তত কৰোনাৰ প্ৰতিষেধক প্ৰদান।

The post ১ মিনিটত ২৫খবৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3h4qwaf
via IFTTT

Comments