বিপিএফ দল মহাজোটত থাকিলে দলত্যাগ কৰাৰ কথা ঘোষণা কৰিলে প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়ে…

ডিজিটেল সংবাদ, ওদালগুৰিঃ বিধানসভা নিৰ্বাচনৰ পাছতে ক্ৰমাৎ মহাজোটৰ পৰা বিপিএফ দল আতৰি থকা দেখা গৈছে। ইয়াৰ বিপৰীতে বিভিন্ন মাধ্যমত হোৱা চৰ্চা অনুসৰি বিজেপিৰ কিছু কাষ চাপিছে বড়োভূমিৰ আঞ্চলিক ৰাজনৈতিক দল বিপিএফ। কিন্তু বিগত বিধানসভা নিৰ্বাচনত মহাজোটত থকাৰ বাবেই বিপিএফে ভাল ফলাফল দেখুৱাব নোৱাৰাৰ কথা স্বীকাৰ কৰে দলটোৰ জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়ে। ২০ বছৰ ধৰি সমষ্টিটো নিজৰ দখলত ৰখা দৈমাৰীয়ে কেইৱাটাও বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে। আজি সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দৈমাৰীয়ে কয় যে “বিগত নিৰ্বাচনৰ পূৰ্ৱে বিপিএফ দলৰ এটি ক’ৰ সমিতি গঠন কৰি দিয়া হৈছিল। সেই সমিতিৰ মই এগৰাকী সদস্য আছিলো।
সমিতিখনৰ মজিয়াত যেতিয়া মহাজোটৰ প্ৰসঙ্গ উত্থাপিত হৈছিল, তেনে সময়ত মই ব্যক্তিগতভাৱে আপত্তি কৰিছিলো। ওদালগুৰি সমষ্টিটো এটা সুকীয়া সমষ্টি। গতিকে মহাজোটৰ সৈতে থাকিলে মোৰ ক্ষতি হব। সেই অনুসৰি মই এতিয়া অনুভৱ কৰিছো যে মহাজোটত বিপিএফ দল থকাৰ বাবেই মই পৰাজিত হ’লো। নিৰ্বাচনৰ দুখনমান সভাত ৰাইজে প্ৰশ্ন কৰিছিল যে বিপিএফে কিয় মহাজোটৰ সৈতে হাত মিলালে? ওদালগুৰি সমষ্টিত আপুনি অকলেই অৱতীৰ্ণ হ’লেও জয়ীলাভ কৰিলেহেতেন। বিগত ২০ বছৰে ওদালগুৰি সমষ্টিৰ বাবে বহু কাম কৰিলো। সমষ্টিটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ বাবে যি ধৰণে কাম কৰিছিলো। কিন্তু মহাজোটত থকাৰ বাবেই মোৰ ক্ষতি হ’ল। যিহেতু বিপিএফ দলে মাত্ৰ চাৰিখন আসনহে পালে, গতিকে এতিয়া আকৌ মহাজোটৰ সৈতে থকাৰ প্ৰশ্ন নাই।
এতিয়া আমাৰ মূল উদ্দেশ্য হৈছে বিটিচি অঞ্চলৰ উন্নয়ণ হোৱা। বিটিচিৰ বাবে যি চৰকাৰে কাম কৰে, সেই চৰকাৰৰ সৈতে সহযোগ কৰি কাম কৰাটো উচিত বুলি মই ব্যক্তিগতভাৱে ভাবো। আগন্তুক দিনত যেতিয়া হাগ্ৰামা মহিলাৰীৰ সৈতে সাক্ষাৎ হম বা দলীয় সভা অনুষ্ঠিত হব, সেই সভাতো এই বিষয়টো উত্থাপন কৰিম। যিহেতু মহাজোট বৰ্তমান বিৰোধীৰ অসনত বহিছে, গতিকে চৰকাৰৰ সৈতে থাকি বিটিচি অঞ্চলৰ উন্নয়নৰ বাবে কাম কৰিব লাগে।” ইফালে মহাজোটৰ সংবাদমেলত বিপিএফ অনুপস্থিত থকা বিষয়টো সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত দৈমাৰীয়ে কয় “এই বিষয়টো সম্বন্ধে মই জ্ঞাত নহয়।
কিন্তু অনাগত দিনত মহাজোটক বাদ দি চৰকাৰৰ সৈতে বিটিচি উন্নয়ণৰ বাবে কাম কৰিব লাগে। বিভিন্ন মাধ্যমত চৰ্চা হোৱাৰ দৰে বিপিএফ দল বিজেপিত চামিল হৈ নাযায়। বিপিএফ হৈছে এটা স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দল। যদি এই বিষয়ে দলৰ মজিয়াত কিবা আলোচনা হৈছে তেন্তে মই নাজানো। যদিহে ইমানৰ পাছতো বিপিএফ দল মহাজোটত থাকে তেন্তে মই বিপিএফ দলত নাথাকো। কাৰণ মহাজোটৰ বাবেই মই পৰাজয় হৈছো। গতিকে লাগিলেই নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হম তথাপিও দ্বিতীয়বাৰ মহাজোটত থাকি মই নিৰ্বাচন নেখেলো। প্ৰয়োজন সাপেক্ষে বিপিএফ দল ত্যাগ কৰিম। কিন্তু বৰ্তমানলৈ তেনে পৰিৱেশ অহা নাই।” ইয়াৰ পাছত আগন্তুক দিনত বিপিএফৰ নেতৃত্বৰ ওপৰতে সমগ্ৰ বিষয়টো নিৰ্ভৰ কৰিব।
The post বিপিএফ দল মহাজোটত থাকিলে দলত্যাগ কৰাৰ কথা ঘোষণা কৰিলে প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়ে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/35VBwAn
via IFTTT
Comments
Post a Comment