যোৱা ৩ মাহত অসমৰ কিমান শিশু-কিশোৰ আক্ৰান্ত হ’ল কোৰোনাত…

ডিজিটেল ডেস্কঃ দেশজুৰি অব্যাহত আছে কোৰোনাৰ সংক্ৰমণ। অসমতো এই কোৰোনাত প্ৰতিদিনাই হাজাৰ হাজাৰ লোক আক্ৰান্ত হৈছে। অৱশ্যে এইবাৰ শিশুৰ দেহত ধৰা পৰিছে কোৰোনাৰ উপস্থিতি। ইফালে, নেশ্যনেল হেলথ মিছনে এক প্ৰেছ বিবৃতিযোগে জনাইছে যে ১ এপ্ৰিলৰ পৰা ২৬ জুনলৈকে অসমত কোৰোনাত আক্ৰান্ত হৈছে ২৮০৫০৪জন লোক। ইয়াৰে ভিতৰত ৩৪৬০৬জন লোক ০ৰ পৰা ১৮ বছৰ বয়সৰ বুলি উল্লেখ আছে এই বিবৃতিত।
এই প্ৰেছ বিবৃতিত উল্লেখ কৰা অনুসৰি, এই সময়চোৱাত কোভিডত আক্ৰান্ত হোৱাৰ ভিতৰত ৫৭৫৫জন ৫ বছৰ বয়সৰ তলৰ আৰু ২৮৮৫১জন ৬ৰ পৰা ১৮ বছৰ বয়সৰ। জিলা ভিত্তিত যদি চোৱা যায়, তেন্তে সৰ্বাধিক শিশু কোৰোনাত আক্ৰান্ত হৈছে কামৰূপ মেট্ৰ’ত। কামৰূপ মেট্ৰত ১ এপ্ৰিলৰ পৰা ২৬ জুনলৈকে কোৰোনাত আক্ৰান্ত হৈছে ৫৩৪৬টি শিশু-কিশোৰ।
The post যোৱা ৩ মাহত অসমৰ কিমান শিশু-কিশোৰ আক্ৰান্ত হ’ল কোৰোনাত… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/35YJdWz
via IFTTT
Comments
Post a Comment