গৰাখহনীয়াৰ কালৰূপ, আতংকত গহপুৰৰ দক্ষিণাঞ্চলৰ কৰৈআতিবাসী…

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ গহপুৰ মহকুমাৰ দক্ষিণাঞ্চলৰ নৈপৰীয়া ৰাইজৰ বাবে মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া এক জলন্ত সমস্যাত পৰিণত হৈছে। প্ৰতি বছৰেই অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াই ক্ৰমশঃ সংকোচিত কৰি আনিছে নৈপৰীয়া ৰাইজৰ কৃষি ভূমি। সমান্তৰাল ভাবে আগ্ৰাসী ৰূপ ধাৰণ কৰা খহনীয়াই বহু পৰিয়ালৰ ঘৰ-বাৰীৰ প্ৰতিও তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। ইতিমধ্যে একাধিক পৰিয়ালৰ ঘৰ-বাৰী খহনীয়াত জাহ গৈছে। এই ক্ষেত্রত শেহতীয়াকৈ মহকুমাটোৰ দক্ষিণাঞ্চলৰ লোহিতমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত কৰৈআতি গাঁৱত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰাত শংকিত হৈ পৰিছে এলেকাটোৰ অৰ্ধ শতাধিক পৰিয়াল।

এই সন্দৰ্ভত কৰৈআতি এলেকাৰ ভুক্তভোগী ৰাইজে জানিবলৈ দিয়া মতে, বিগত প্ৰায় পাঁচ বছৰ ধৰি কৰৈআতি এলেকাত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া।বিগত বৰ্ষত মিছিং স্বায়ত্ব শাসিত পৰিষদৰ দ্বাৰা আবন্টিত পুঁজিৰে পাৰ্কুপাইন বহুৱাই খহনীয়া প্ৰতিৰোধৰ প্ৰয়াস কৰা হৈছিল যদিও খহনীয়া অন্য স্হানলৈ সম্প্ৰসাৰিত হোৱাত ভুক্তভোগী ৰাইজৰ খহনীয়া সমস্যাৰ সমাধান নহ’ল। বৰ্তমান খহনীয়াৰ কাল ৰূপ অব্যাহত থকাত এফালৰ পৰা কৃষি ভূমি চপৰা চপৰে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাত এলেকাটোৰ কৃষিজীৱী ৰাইজে মূৰে-কপালে হাত দিব লগা হৈছে।

তদুপৰি খহনীয়াৰ তাণ্ডৱ অব্যাহত থকাত অদূৰ ভবিষ্যতে নৈপৰীয়া ৰাইজৰ ঘৰ-বাৰীও  ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে। গৰাখহনীয়াৰ লগতে ব্ৰহ্মপুত্ৰৰ বলিয়া বানে প্ৰতি বছৰেই সৰ্বস্বান্ত কৰি অহা উক্ত এলেকাৰ ভুক্তভোগী ৰাইজে অনতিপলমে খহনীয়া তথা বান প্ৰতিৰোধৰ বাবে যাবতীয় পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে সংশ্লিষ্ট চৰকাৰী কৰ্তৃপক্ষক পুনৰবাৰ দাবী জনাইছে।

The post গৰাখহনীয়াৰ কালৰূপ, আতংকত গহপুৰৰ দক্ষিণাঞ্চলৰ কৰৈআতিবাসী… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3doBV2w
via IFTTT

Comments