লামডিঙত ভেকচিনৰ বাবে নিশাৰে পৰা বিভিন্ন কেন্দ্ৰত ৰাইজে ধৰিলে শাৰী…

ডিজিটেল সংবাদ,লামডিংঃ লামডিঙত ভেকচিনক লৈ এতিয়া অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হৈছে ৷নিশাৰ পৰাই লামডিংৰ বিভিন্ন ভেকচিন কেন্দ্ৰত ৰাইজে ভেকচিনৰ বাবে শাৰী পাতিছে। লামডিং কলেজ, দক্ষিণ লামডিং বিদ্যালয়, পূৰ্ব লামডিং আনন্দ নগৰ বিদ্যালয়ৰ ভেকচিন কেন্দ্ৰত নিশা প্ৰায় ১২বজাৰ পৰা ৰাইজে ভেকচিনৰ বাবে শাৰী পতা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে, লামডিংত বিভিন্ন ভকচিন কেন্দ্ৰত বিশেষকৈ গ্ৰামঞ্চলত তিনি চাৰিদিনৰ পৰা ভেকচিন কেন্দ্ৰত আহিও ঘূৰি যাব লগীয়া হৈছে স্থানীয় লোক সকল ৷ আজি ভেকচিন লাভ কৰাৰ বাবে আগ নিশাৰ পৰাই টুপনি ক্ষতি কৰি নিশা কেন্দ্ৰ সমূহত এনেদৰে পুৰুষ-মহিলাৰ সমাগম দেখিবলৈ পোৱা গৈছে ৷এফালে যদি ভেকচিনকলৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে আনফালে আকৌ নাভূত নাচুৎ ঘটনা সংঘটিত হ’ব ধৰিছে
The post লামডিঙত ভেকচিনৰ বাবে নিশাৰে পৰা বিভিন্ন কেন্দ্ৰত ৰাইজে ধৰিলে শাৰী… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3xTLFcL
via IFTTT
Comments
Post a Comment