পুৱাৰ খবৰ…

১. ডিব্ৰুগড়ৰ তিনিকোণীয়াত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। জুইত জাহ গৈছে ২৫ টাকৈ ঘৰ। অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত বিস্ফোৰিত হয় ৮ টাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ। এতিয়ালৈকে এই অগ্নি কাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা নাই। স্থানীয় লোকে চৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা সংঘটিত হৈছে বুলি আশংকা কৰিছে। ভস্মীভূত হোৱা ঘৰ কেইটা মনিষ চাকচেনা নামৰ ব্যক্তিজনৰ বুলি জানিব পৰা গৈছে।আটাইকেইতা ঘৰ মনিষ চাকচেনাই ভাড়ালৈ দিছিল। আটাইকেইতা ঘৰতেই আছিল আৱাসী।

২. অৰুণাচলৰ লিকাবালী-পাংগিংত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বলেং-পাংগিঙ সংযোগী সংগম দলং ভাঙি পৰাৰ ফলত এখন ডাম্পাৰ নদীত পৰি ডুব গৈছে। ডাম্পাৰখনত আছিল তিনিজন ব্যক্তি। এতিয়ালৈকৈ ডাম্পাৰখনত থকা কোনো এজন ব্যক্তিৰেই সন্ধান লাভ কৰা নাই। সন্ধানহীন হৈ থকা লোক কেইজন ৰাহুল টামাং, ৰঞ্জিত সুত্ৰধৰ আৰু মিটাংগা বড়ো বুলি জানিব পৰা গৈছে। ইতিমধ্যে সন্ধানহীন হৈ থকা তিনিওজন ব্যক্তিৰ সন্ধানত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে আৰক্ষী, প্ৰশাসন আৰু স্থানীয় লোকসকলে।

৩. পুনৰ বহিঃৰাজ্যত অসমীয়া যুৱকৰ কৰুণ মৃত্যু। কৰ্মসংস্থাপনৰ বাবে মাজুলীৰ নাগনচুকৰ দুই যুৱক মণ্ডল নৰহ আৰু ৰাজকুমাৰ নৰহ ওলাই গৈছিল গোৱালৈ। কিন্তু দুৰ্ভাজ্যনক ভাৱে এই দুই যুৱক পুনৰ নিজ গৃহলৈ উভটি আহিব নোৱাৰিলে।গোৱাতেই অকাল মৃত্যুক সাৱটি ল’লে মাজুলীৰ এই দুই দুৰ্ভগীয়া যুৱকে। ইফালে অৰ্থৰ অভাৱত মৃত দুই যুৱকৰ মৃতদেহ নিজ বাসগৃহলৈ আনিবলৈ অক্ষম পৰিয়াল। সেয়েহে দুৰ্ভগীয়া পৰিয়ালটোৱে চৰকাৰ তথা জনসাধাৰণৰ পৰা সহায় ভিক্ষা কৰিছে।

৪. লকডাউনৰ সময়ত আন্ত: মঙলদৈ ছাত্ৰ সন্থাৰ উদ্যোগত মঙ্গলবাৰে মঙলদৈ চহৰৰ বিভিন্ন স্থানত থকা পদপথৰ ব্যক্তি সকলক দুপৰীয়াৰ আহাৰ যোগান ধৰে । এই কাৰ্যসূচীত উপস্হিত থাকে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সত্য ৰঞ্জন ডেকা , সাংকৃতিক সম্পাদক প্ৰাঞ্জল নাথ , মঙলদৈ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ জ্যোতি ডেকাৰ লগতে আন্ত : মঙলদৈ ছাত্ৰ সন্থাৰ সভাপতি অজয় শইকীয়া , উপ সভাপতি চিন্ময়ী গোস্বামী, ভা: সাধাৰণ সম্পাদক চাহিল চৌধুৰী , সহ: সাধাৰণ সম্পাদক জ্যোতিৰ্ময় শইকীয়া, সদৌ অসমীয়া ছাত্র সন্থা দেহৰাদুনৰ সভাপতি অবিনাশ কাশ্যপৰ লগতে বহু কেইজন ব্যক্তি।

৫. শক্তিমন্ত্ৰী বিমল বৰাই ৰাজ্যবাসীক সময়মতে বিদ্যুৎৰ বিল পৰিশোধ কৰিবলৈ আহ্বান পুনৰবাৰ জনাইছে। আগন্তুক ১ জুলাইৰ পৰা ১০ জুলাইলৈ সমগ্ৰ ৰাজ্যত বিল অনাদেয় গ্ৰাহকৰ বিৰুদ্ধে সংযোগ কৰ্তনৰ বিশেষ অভিযান চলোৱা হ’ব বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কৈছে ৰাজ্যত ২২০০ মেগাৱাট বিদ্যুৎৰ দৰকাৰ হয় আৰু বৰ্তমান অসমত কোনোধৰণৰ লোডশ্বেডিং নাই। বিদ্যুৎ চুৰিৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব।

৬. প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ অধীনত সাহায্য লাভৰ বাবে কৃষকৰ পঞ্জীয়নৰ অন্তিম সময়সীমা ৩০ জুলাই। এই আঁচনিৰ অধীনত কৃষকে কৃষি কৰ্মৰ বাবে বছৰত ৬ হাজাৰ টকা আৰ্থিক সাহায্য লাভ কৰে।

৭. ১ জুলাইৰ পৰা সলনি হ’ব এছ বি আইৰ বহু নীতি নিয়ম। এ টি এমৰ পৰা ধন গ্ৰাহকে মাহত চাৰিবাৰৰ অধিক ধন উলিয়ালে প্ৰতিবাৰে ১৫ টাৰ লগতে জি এছ টি পৰিশোধ কৰিব লাগিব। আনহাতে চেক বুকৰ ক্ষেত্ৰতো সলনি কৰিছে নীতি নিয়ম।১ জুলাইৰ পৰা ১০ পৃষ্ঠা যুক্ত চেকবুকৰ বাবে গ্ৰাহকে ৪০ টকা বেংকক পৰিশোধ কৰাৰ উপৰিও জি এছ টি, ২৫ পৃষ্ঠা যুক্ত চেক বুকৰ বাবে ৭৫ টকা আৰু জি এছ টি পৰিশোধ কৰিব লাগিব। ইয়াৰ উপৰিও জৰুৰীকালীন চেকবুক ১০ পৃষ্ঠাৰ বাবে ৫০ টকাৰ লগতে জি এছ টি বেংকক পৰিশোধ কৰিব লাগিব।

৮. সোমবাৰে হেঙেৰাবাৰীত অনুষ্ঠিত হয় বিজেপিৰ কাৰ্য্যনির্বাহক সভা। এই সভাতেই মুখ্যমন্ত্ৰীৰ উপস্থিতিত সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই। এই সভাত উপস্থিত থাকে প্ৰাক্তন সভাপতি ৰঞ্জিত দাস, প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল। আনহাতে ভিডিঅ’ কনফাৰেন্স যোগে সংযুক্ত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা।

৯. ৰাজ্যবাসীক ১ লাখ নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা বিষয়ত ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ এ পি ডব্লিউৰ। এই পত্ৰৰ জৰিয়তে আসাম পাব্লিক ৱর্কছ চমুকৈ এ পি ডব্লিউ-য়ে এক লাখ পদবীৰ বিপৰীতে নিকা পৰীক্ষা পতা তথা আবেদনকাৰীৰ সকলো আবেদন বিনামূলীয়া কৰা আৰু শীৰ্ষ আৰক্ষী বিষয়াৰ “তদাৰকী কোষ”ৰ তত্বাবধানত নিযুক্তি প্রক্রিয়া সম্পন্ন কৰাৰ আহ্বান জনাইছে।

        
১০. বছৰৰ প্ৰথমটো বানতেই বুৰিল জোনাইৰ বহুকেইখন গাওঁ ৷ যোৱা কেবাদিনৰ ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰক্ষ্মপুত্ৰৰ লগতে ইয়াৰ নৈ উপনৈ সমূহৰ পানী বৃদ্ধি পোৱাত জোনাই মহকমাৰ এলেকাধীন বাহিৰ জোনাই আৰু চিলে পঞ্চায়তৰ কেবাখনো গাওঁ জলমগ্ন হয় পৰিছে৷ জানিব পৰা মতে জোনাই লেকু আৰু চিলে নদীৰ পানী বৃদ্ধি পোৱাত জোনাই  ৰাজহ চক্ৰ অৰ্ন্তগত শান্তিপুৰ, মালভোগ, ৰাভা কাঠনি, চুতীয়া চুক, সোনোৱাল কাঠনি, সোনোৱাল চুক আদি কৰি কেবখনো গাওঁৰ শতাধিক পৰিয়ালৰ ঘৰ বাৰী এতিয়া পানীৰ তলত বুৰ গৈছে ৷ এই বাঢ়ৰনি পানীৰ ফলত গাওঁ সমূহত এতিয়া হাহাকাৰ হৈছে সৃষ্ট হৈছে ৷

The post পুৱাৰ খবৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3x4UNLO
via IFTTT

Comments