অজিত দাস অপহৰণ কাণ্ডঃ অভিযুক্তৰ পলায়নৰ চেষ্টা, আৰক্ষীয়ে দিলে বাধা…

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ ব্যৱসায়ী অজিত দাসৰ অপহৰণ কাণ্ডৰ মুল অভিযুক্ত ৰাজা বাবু সিঙে কৰিলে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ এই চেষ্টা চলোৱাত অভিযুক্তজনক বাধা প্ৰদান কৰাৰ বাবে উপায়ন্ত হৈ আৰক্ষীয়ে গুলীবৰ্ষণ কৰাত আহত হয় ৰাজা। জানিব পৰা মতে, আৰক্ষীয়ে অভিযুক্ত বাধা দিবৰ বাবে তেওঁৰ ভৰিত লক্ষ্য কৰি গুলীয়াই, যাৰ ফলত আহত হয় ৰাজা। বৰ্তমান ৰাজাক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। এই কথা সদৰি কৰিছে আৰক্ষী বিষয়া জি পি সিঙে।

এক টুইটাৰ যোগে আৰক্ষী বিষয়াগৰাকীয়ে জনাইছে যে- ‘আৰক্ষীয়ে ৰাজাক পলায়ন কৰাত বাধা দিবলৈ ভৰিত গুলীবৰ্ষণ কৰিব লগীয়া হয়।’ উল্লেখ্য যে, যোৱা ২৩ জুনত গুৱাহাটী ৰেল ষ্টেচনৰ সমীপৰ কালিবাৰী এলেকাৰ নিবাসী অজিত দাসক অপহৰণ কৰিছিল ৫জন দুৰ্বৃত্তই। যাৰ ফলত লতাশিল থানাত ৰুজু কৰা হৈছিল গোচৰ।

The post অজিত দাস অপহৰণ কাণ্ডঃ অভিযুক্তৰ পলায়নৰ চেষ্টা, আৰক্ষীয়ে দিলে বাধা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3w2329Z
via IFTTT

Comments