ৰাভা দিৱসৰ লগত সংগতি ৰাখি বকো সমষ্টি ভিত্তিক আয়োজন কৰা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা…

ডিজিটেল সংবাদ, বকোঃ সমগ্ৰ ৰাজ্যৰ লগতে যোৱা ২০ জুন তাৰিখে বকোৰ ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰতো ছমৰীয়া সত্ৰৰ কেইজনমান উদীয়মান যুৱকৰ প্ৰচেষ্ঠাত গঢ় লৈ উঠা অনুষ্ঠান ভোগালী উৎসৱ উদযাপন সমিতিয়ে ৫২ সংখ্যক কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা ৰ স্মৃতি দিৱস উদযাপন কৰিছিল।উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰাৰ সমান্তৰাল ভাৱে ভোগালী উৎসৱ উদযাপন সমিতি, ছমৰীয়া সত্ৰ ই ও কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিছব্বিত মাল্যাৰ্পণ ,বন্তি প্ৰজ্বলন কৰাৰ লগতে ৰাভাদেৱৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি অনলাইন যোগে বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ সংগীত আৰু নৃত্য প্ৰতিযোগিতা এখনি অনুষ্ঠিত কৰিছিল।

জানিব পৰা মতে ৰাভা দেৱৰ সংগীতৰ আধাৰত হোৱা প্ৰতিযোগিতা খনিত মুঠ ১৭ জন আৰু নৃত্য প্ৰতিযোগিতা খনিত মুঠ ২৮ জন প্ৰতিযোগিয়ে অংশগ্ৰহন কৰে।উল্লেখ্য যে ৰাভা দেৱৰ আধাৰত হোৱা সংগীত প্ৰতিযোগিতা খনিত প্ৰথম স্থান লাভ কৰে আব্দুল মতিন(ঘিলাবাৰী)আৰু দ্বিতীয় স্থান লাভ কৰে লীনা নাথ (নগৰবেৰা)।

লগতে ৰাভা দেৱৰ আধাৰত হোৱা নৃত্য প্ৰতিযোগিতাৰ প্ৰথম স্থান লাভ কৰে কৃষ্ণাশ্ৰীতা বৰা(ছমৰীয়া সত্ৰ) আৰু দ্বিতীয় স্থান লাভ কৰে অলিভা কলিতা(ছমৰীয়া)।আজি ভোগালী উৎসৱ উদযাপন সমিতিয়ে ছমৰীয়া আঞ্চলিক যুৱক সংঘ ৰ কাৰ্যালয়ত দুয়োটি প্ৰতিযোগিতাৰ পুৰস্কাৰপ্ৰাপ্ত প্ৰতিযোগি কেইগৰাকীক ট্ৰফি এটা,মানপত্ৰ এখন আৰু ৰামসৰস্বতী সাহিত্য সভা,ছমৰীয়া সত্ৰ ৰ দ্বাৰা প্ৰকাশিত “”কলহীৰ চিঞৰ”” নামৰ আলোচনী এখন প্ৰদান কৰে আৰু প্ৰতিযোগী সকলক অসমীয়াৰ স্বাভিমান একোখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।

এই পুৰস্কাৰ প্ৰদান অনুষ্ঠানত উপস্থিত থকা ৰাভা সংগীত প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰাপ্ত প্ৰথম প্ৰতিযোগী আব্দুল মতিনে সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ আৰু কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ দুটি গীত পৰিবেশন কৰি সকলোকে উৎসাহ যোগায়।এই অনুষ্ঠানত প্ৰতিযোগী সকলৰ অভিভাৱক সকলৰ লগতে বৃহত্তৰ ছমৰীয়া অঞ্চলৰ বহু গন্য মান্য জ্যেষ্ঠ ব্যক্তি উপস্থিত থাকে।উল্লেখ্য যে এই অনুষ্ঠানত উপস্থিত থকা ছমৰীয়া অঞ্চলৰ বহু কেইজন জ্যেষ্ঠ ব্যক্তিক উদযাপন সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

The post ৰাভা দিৱসৰ লগত সংগতি ৰাখি বকো সমষ্টি ভিত্তিক আয়োজন কৰা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3jgg5lh
via IFTTT

Comments