অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ সীমান্তত কোৰোনাৰ প্ৰতিষেধক প্ৰদান…

ডিজিটেল সংবাদ, ইটানগৰঃ ভাৰত-তীব্বত সীমান্তৰ এখন গাওঁ মাগো। অতিপাত শীত আৰু পৰ্বতৰ চুড়াত অৱস্থিত এই গাওঁখনৰ মনপা জনগোষ্ঠীৰ লোকসকল প্ৰধানত: কৃষি কৰ্মৰ লগত জড়িত। য়াক পালনেই তেওঁলোকৰ প্ৰধান জীৱিকা। শীতকালত পৰা বৰফৰ বাবে পাহাৰৰ ঘাঁহ-বন বৰফৰ তলত কেইবামাহলৈ সোমাই থাকে।
বৰফ গলাৰ পাছত শুকাই যোৱা পাহাৰৰ ঘাঁহ-বনবোৰ গজিবলৈ সময় লাগে। বাৰিষাৰ বৰষুণ আৰম্ভ হোৱাৰ পাছত পাহাৰবোৰ পুনৰ সেউজীয়া হ’বলৈ আৰম্ভ কৰে। এই সময়লৈকে লৈ থাকে মাগো গাৱৰ য়াকপালকসকল। শীতত খাদ্যৰ অভাৱত শুকাই-খিনাই যোৱা য়াকবোৰক লৈ গাৱৰ বহু পুৰুষে একগোটহৈ দুই-তিমাহৰ বাবে পাহাৰৰ চৰণীয়া ঠাইবোৰক উদ্দেশ্যি ওলাই যায়। চৰকাৰেও তেওঁলোকৰ এই চৰণীয়া পাহাৰবোৰ সংৰক্ষণ কৰি ৰাখিছে।
টাৱাং জিলাৰ চীন অধিকৃত তিব্বত সীমান্তত থকা এনে বহু গাৱৰ মনপা লোকসকলে এতিয়া প্ৰতিকূল বতৰকো আওকান কৰি নিজৰ নিজৰ য়াকবোৰ চৰাবলৈ লৈ গৈছে চৰণীয়া পাহাৰবোৰত। সেয়ে এইসময়ত তীব্ৰ সীমান্তৰ য়াক পোহপাল কৰা বহু গাঁওবাসী এতিয়া গাৱত নাই। ইপিনে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱে ৰাজ্যখনৰ ১৮ বছৰ উৰ্ধৰ সকলো লোককে ক’ভিড-১৯ টিকাকৰণৰ নিৰ্দেশ দিছে।
এনে পৰিস্থিতিত টাৱাং জিলা স্বাস্থ্য বিভাগে মাগ’ এলেকাৰ লোকসকলৰ লগতে য়াক চৰাবলৈ যোৱা লোকসকলক চিতা দিবলৈ এটা দল প্ৰেৰণ কৰে। নক’লেও হ’ব যে চীন সীমান্তৰ এই গাওঁখনলৈ যোৱাৰ পথ নাই। সেয়ে ঘোঁৰাৰ পিঠিত সামগ্ৰী বোজাই কৰি তোলা ২৫ তাৰিখৰ পৰা ২৭ তাৰিখলৈকে তিনিদিনীয়া টিকাকৰণ শিবিৰৰ আয়োজন কৰে। আনকি পাহাৰে পাহাৰে গৈ য়াক চৰাই থকা য়াকপালকসকলকো দুৰ্গম পথ অতিক্ৰমি চুনাগ, লুংগুৰ আৰু চিৰগ্যাপত আৰু মাগ’ৰ চাৰি খোজকাঢ়ি গৈ চ’গে, মেৰাথাং আৰু য়ায়া নামৰ ঠাইত মাগ’ৰ য়াক পালকসকলৰ বাবে টিকাকৰণৰ শিবিৰ পাতে।
২৭ জুনত মাগ’ৰ পৰা চাৰি ঘন্টা খোজ কাঢ়ি ক’ভিদৰ ভেকচিন প্ৰদান কৰে। জাঙৰ অতিৰিক্ত উপায়ুক্ত আৰ ডি থুংগন, টাৱাঙৰ জিলা ক’ভিড চিকিৎসা বিষয়া ডাক্তৰ ৰিনচিন নীমাৰ নেতৃত্বত যোৱা দলটোৱে ১৭৭ জন ১৮-৪৫ বছৰ বয়সৰ আৰু ১০ জন ৪৫ উৰ্ধৰ লোকক চিতা প্ৰদান কৰে। এওঁলোকক ক’ভিড পৰীক্ষাও কৰা হয় যদিও এজনো পজিটিভ নোলাল। দলটোৱে গাঁওবাসীৰ স্বাস্থ্য পৰীক্ষাও কৰে আৰু ঔষধ বিতৰণ কৰে।
The post অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ সীমান্তত কোৰোনাৰ প্ৰতিষেধক প্ৰদান… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/35Zyuei
via IFTTT
Comments
Post a Comment