পুৱাৰ খবৰ…

১. অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,মাজুলী জিলা সমিতিৰ উদ্যোগত আজি ১০৮ মৃত্যুঞ্জয় সেৱাৰ লগত জড়িত মাজুলীৰ ৫৩ গৰাকী স্বাস্থ্য কৰ্মীক এখন মানপত্ৰ,এখন ফুলাম গামোছা আৰু এটিকৈ গছৰপুলিৰে সম্বৰ্ধনা জনোৱা হয়।কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত পৰিষদৰ সভাপতি মুনিন্দ্ৰ ভূঞা আৰু সাধাৰণ সম্পাদক পবিত্ৰ বৰাই এইসকল স্বাস্থকৰ্মীক সম্বৰ্ধনা জনাই ৷ ভাষনত সভাপতি জনে সাম্প্ৰতিক সময়ত ক’ৰুণা মহামাৰীয়ে সমগ্ৰ বিশ্বতে হাঁহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে আৰু বহু লোকে অকালতে প্ৰাণ হেৰুৱাইছে,বহু লোক এই ৰোগত আক্ৰান্ত হৈ এতিয়াতও মৃত্যুৰ সৈতে যুঁজি আছে।ইয়াৰ ফলত মানৱ জাতিৰ অস্তিত্বলৈও বৰ্তমান ভাবুকি নামি আহিছে।

২. কলিয়াবৰৰ শিলঘাটৰ কামাখ্যা দেৱালয়ৰ সমীপত থকা “কলিয়াবৰ মেনৰ” নামৰ বিলাসী লজ খনৰ ব্যৱসায়িক অনুজ্ঞাপত্ৰ বাতিল কৰিছে ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট কতৃপক্ষই। কলিয়াবৰ চাহবাগিচা হিচাপে পৰিচিত বাগছা প্লেনটেশ্বন (প্ৰাইভেট লিমিটেড) ৰ ভূমি লীজত লৈ তিনি গৰাকী ব্যৱসায়ী ক্ৰমে উত্তৰ প্ৰদেশৰ মাংৰাইছৰ প্ৰদীপ কুমাৰ তীৱাৰী (৩০/- শতাংশ অংশ), ডিমাপুৰ নগালেণ্ডৰ লেভি ইফৰাম কেটী (৪০/- শতাংশ অংশ) আৰু যোৰহাট চন্দন নগৰৰ প্ৰশান্ত বৰগোহাঁই (৩০/- শতাংশ অংশ) মূলধন খটুৱাই আৰম্ভ কৰা এই বিলাসী লজ খনৰ বিৰুদ্ধে উত্থাপিত কেতবোৰ গুৰুত্বপূৰ্ণ অভিযোগ তথা তিনি ব্যৱসায়িক অংশীদাৰীৰ মাজত সৃষ্টি হোৱা সংঘাতৰ ভিত্তিতে যোৱা ২১ জুন তাৰিখে ব্যৱসায় প্ৰতিষ্ঠানটোৰ ব্যৱসায়িক অনুজ্ঞাপত্ৰ খন সংশ্লিষ্ট কতৃপক্ষই বাতিল কৰাত বিলাসী লজখন বন্ধ হোৱাটো প্ৰায় নিশ্চিত হৈ পৰে।

৩. কেইবাদিনো ধৰি দিল্লীত বাহৰ পাতি থকাৰ পিছত শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাত কৰিলে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। শুকুৰবাৰে বিজেপিৰে দুয়োগৰাকী শীৰ্ষনেতাক সাক্ষাত কৰে সোণোৱালে। প্ৰথমে প্ৰধানমন্ত্ৰীক সাক্ষাত কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। উল্লেখ্য যে, যোৱা জুন মাহৰ ২২তাৰিখে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাকো সাক্ষাত কৰিছিল সোণোৱালে।

৪. জীৱন যুদ্ধত হাৰ নমনা এগৰাকী প্ৰকৃত যোদ্ধা।দুয়োখন ভৰি নথকাৰ পিছতো থমকি ৰোৱা নাই জীৱন সংগ্ৰামত।দুয়োখন ভৰি অবিহনেই চুচৰি চুচৰি বছৰৰ ১২ মাহেই বিভিন্ন কৃষি কৰ্ম কৰি অসাধ্য সাধন কৰিছে। স্বাবলম্বিতাৰ এক চমকপ্ৰদ উদাহৰণ ডাঙি ধৰি সকলোৰে প্ৰশংসাৰ পাত্ৰ হোৱা এক অসাধাৰণ যুৱ কৃষক জনৰ নাম গোপাল নাগ। বয়স প্ৰায় ৩২ বছৰ।গহপুৰ মহকুমাৰ হেলেম মৌজাৰ টকৌবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত চন্দামাৰী বঙালী নিবাসী ৰত্নেশ্বৰ নাগ আৰু জোস্না নাগৰ পুত্ৰ তেওঁ।জীৱন যাত্ৰাৰ সকলো প্ৰত্যাহ্বান নেওচি সৰুৰে পৰাই কঠোৰ শ্ৰম কৰি গৈছে তেওঁ।

৫. চাৰিওফালে নিচাজাতীয় সামগ্ৰী উদ্ধাৰ হৈ থকাৰ সময়তে মঙলদৈ থানাৰ আৰক্ষীয়ে শুকুৰবাৰে অভিযান চলাই ধ্বংস কৰে কেইবা হাজাৰ লিটাৰ অবৈধ চুলাই মদ। অবৈধ চুলাই তৈয়াৰ কৰাৰ বাবে ব্যৱহাৰ হোৱা প্ৰায় ১১ হাজাৰ কেজি সামগ্ৰীও নষ্ট কৰে আৰক্ষীৰ দলটোৱে। মঙলদৈ চহৰৰ পাশ্বৱৰ্তী এলেকাৰ ২২ টাকৈ চুলাই তৈয়াৰ কৰা ভাতি ধ্বংস কৰা হয় এই অভিযানত ।

৬. বোকাখাত ৰজাবাৰীৰ তেলচুৰি কাণ্ডৰ লগত জড়িত অন্য এজনক আটক কৰিছে বোকাখাত আৰক্ষীয়ে। আটক কৰা লোকজনৰ নাম সুৰজ আলী বুলি জানিব পৰা গৈছে ।বোকাখাত ৰজাবাৰীৰ তেলচুৰি চক্ৰৰ মাষ্টাৰ মাইণ্ড আছিল সুৰজ আলী।বোকাখাত আৰক্ষীয়ে নগাঁৱৰ পৰা আটক কৰে ধৃত সুৰজ আলিক।উল্লেখযোগ্য যে, অগপৰ নেতা পৰমানন্দ দাসক আটক কৰাৰ পিছত সমগ্ৰ বোকাখাতত অব্যাহত আছে আৰক্ষীৰ অনুসন্ধান।

৭. কামৰূপ জিলাৰ বকোত উন্নয়ন নামত চৰকাৰী আঁচনিসমূহ ধোঁৱাচাঙত উঠিছে । ৪৮নং বকো বিধানসভা সমষ্টিৰ ৫৪নং বৰুৱাগাঁৱ গাঁৱ পঞ্চায়তৰ অন্তৰ্গত চাকলা নামৰ গাঁৱখনত সেয়া অতি স্পষ্টকৈ দেখিবলৈ পোৱা যায়। অভিযোগ মতে গাঁৱখনৰ মাজৰ মছজিদৰ কাষেৰ পথ এটা নিৰ্মাণৰ নামত ২০২০ ইংবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ এম.জি. এনৰেগা আঁচনিৰ ধন ৩লাখ ৬১হেজাৰ ১৮টকা মোকলাই দিছিল । কিন্ত পথ নিৰ্মাণ কৰা দূৰৈৰ কথা পথটোৰ এটা মূৰত অলপমান মাটি পেলাই দায়িত্ব সামৰি থৈছে । ফলত পথটো আজিও যাতায়তৰ অনুপযোগী হৈয়ে থাকিল।কেন্দ্ৰীয় চৰকাৰৰ উন্নয়নৰ ধনৰ এনে দুৰ্নীতিয়ে বকোত উদঙাইছে উন্নয়নৰ ফোঁপোলা স্বৰূপ। একাংশ ৰাইজে অভিযোগ কৰা মতে ৫৪নং বৰুৱাগাঁৱ গাঁৱপঞ্চায়তৰ সভাপতি আক্ৰাম হুছেইনে পথটো নিৰ্মাণৰ নামত গাঁৱখনৰে এগৰাকী লোকক দায়িত্ব দিছিল ।

৮. কংগ্ৰেছ দলত অব্যাহত আছে পদত্যাগৰ ঢৌ ৷ দলটোৰ বিয়াগোম নেতাৰ পৰা আৰম্ভ কৰি তৃণমূল পৰ্যায়ৰ নেতালৈকে সকলোৱে ইতিমধ্যে দল এৰিবলৈ আৰম্ভ কৰিছে ৷ বিহপুৰীয়া কংগ্ৰেছৰ তিনি নেতাই আজি আনুষ্ঠানিকভাৱে দলটোৰ সকলো বিষয়বাবৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰে ৷ বিহপুৰীয়া প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদ মেলৰ জড়িয়তে বিহপুৰীয়া ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক, বিহপুৰীয়া সমষ্টি যুৱ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি তথা বিহপুৰীয়া পৌৰ সভাৰ প্ৰাক্তন ৱাৰ্ড কমিচনাৰ ৰুপক বৰা, বিহপুৰীয়া ব্লক কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা ব্লক ইয়ং ব্ৰীগেডৰ সভাপতি বেনুধৰ দাস আৰু পিছলা মণ্ডল কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক তথা নাৰায়ণপুৰ ব্লক যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি বিজু শইকীয়াৰ দল ত্যাগৰ কথা ঘোষণা কৰে ৷

৯. কোকৰাঝাৰ আৰক্ষীয়ে আজি ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই হিৰোইন জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে তিনিগৰাকী যুৱকক আটক কৰিবলৈ সক্ষম হৈছে । আটকাধীন তিনিযুৱক হ’ল ক্ৰমে কোকৰাঝাৰ চহৰৰ টেঙাপাৰাৰ গৌজানথাও নাৰ্জাৰী (২২) হাব্ৰুবাৰীৰ ফৰেষ্ট কলনিৰ কেনেডী ব্ৰহ্ম (২৩) আৰু বাগানশালিৰ সাগৰ দৈমাৰী (২২) ৷ তেওঁলোকৰ পৰা আৰক্ষীয়ে দহটা কণ্টেইনাৰ , নগদ পোন্ধৰ হাজাৰ টকা , তিনিটা মোবাইল , দুটা চিৰিঞ্জ উদ্ধাৰ কৰিছে । ইয়াৰে দহটা কণ্টেইনাৰৰ ভিতৰত তিনিটা কণ্টেইনাৰত হিৰোইনৰ পাউডাৰ বুলি উপ আৰক্ষী অধীক্ষক পুনম পেগুৱে সদৰি কৰিছে ।

১০. মৰিগাঁও জিলাৰ মায়ঙৰ চনকা গাঁও খন কনটেইনমেণ্ট জ’ন ঘোষণা হোৱাৰ সম্ভাৱনা আছে।গাঁও খনত যোৱা তিনিদিন ত মুঠ ৪১ গৰাকী পুৰুষ মহিলাৰ দেহত কৰুণা পজিটিভ লক্ষণ ধৰা পৰিছে।২৩ জুন ৰ দিনা ১৭ জন, ২৪ জুন ৰ দিনা ১১ আৰু আজি ১৩ জনৰ দেহত ধৰা পৰিছে পজিটিভ লক্ষণ।উল্লেখযোগ্য যে কৰুণাৰ দ্বিতীয়টো ঢৌত মায়ঙৰ ভিতৰত প্ৰথম কৰুণা পজিটিভ ধৰা দিছিল চনকা গাঁও খনত। চনকালৈ আহে দেশী বিদেশী অগণন পৰ্য্যটক।সেয়ে গাঁও খনত হয়তো এইবাৰ যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

The post পুৱাৰ খবৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3h4Lbty
via IFTTT

Comments