অসমৰ এক ইঞ্চি মাটিও এৰি দিয়া নহ’ব: অৰুণাচলীক শেষ সকিয়নি বিধায়ক ড. অমিয় কুমাৰ ভূঞাৰ…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ : অসমৰ এক ইঞ্চি মাটিও অৰুণাচলীক এৰি দিয়া নহ’ব । অসমৰ ভূমিত অৰুণাচলীৰ দপদপনি আৰু সহ্য কৰা নহ’ব । অৰুণাচলীক এনেদৰেই কঠোৰ সকিয়নি দিছে বিহপুৰীয়া সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ড.অমীয় কুমাৰ ভূঞাই । তেজপুৰ লোক সভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাসক লগত লৈ নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী মিলনপুৰ অঞ্চলত উপস্থিত হৈ ক্ষেত্ৰ ভিত্তিক পৰিদৰ্শণ কালত আগ্ৰাসী অৰুণাচলীক শেষ সকিয়নি প্ৰদান কৰে বিধায়ক গৰাকীয়ে ।
সীমান্তৱৰ্তী অঞ্চলটোত বসবাস কৰা অসমীয়া ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে চৰকাৰ আৰু দল সদায় কাষত থাকিব বুলি উল্লেখ কৰি আগন্তুক দিনত উক্ত অঞ্চলৰ ৰাইজক নিৰাপত্তা দিয়াৰ বাবে এটা বেটেলিয়ান কেম্প স্থাপন কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে । আনহাতে অৰুণাচলীৰ আগ্ৰাসন প্ৰতিৰোধৰ বাবে সীমান্তৱৰ্তী অঞ্চলৰ উন্নয়ন তৰাম্বিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনোৱাৰ কথা উল্লেখ কৰি বিধায়ক গৰাকীয়ে আগন্তুক দিনত বিবদমান অঞ্চলটোত সক্ৰিয় হৈ পৰা দালাল চক্ৰৰ বিৰুদ্ধেও কঠোৰ স্থিতি গ্ৰহণৰ হুংকাৰ দিয়ে ।
উল্লেখ্য যে নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী দোৰপাং,ট্ৰামজুলী,বিষ্ণুপুৰ,মিলনপুৰ,শান্তিপুৰ,কেৰেকজুলিকে ধৰি বৃহত্তৰ অঞ্চলটোত অসম চৰকাৰক বৃদ্ধাংগুস্থ প্ৰদৰ্শন কৰি বিগত বছৰ বছৰ ধৰি দাবী ধমকিৰে অসমৰ ভূমি দখল কৰি আহিছে আগ্ৰাসী অৰুণাচলীয়ে । লখিমপুৰ জিলা প্ৰশাসনৰ নীৰৱতাৰ সুযোগ গ্ৰহণ কৰি সীমান্তবাসী দুখীয়া দৰিদ্ৰ অসমীয়াৰ ওপৰত বীৰত্ব প্ৰদৰ্শন কৰি বিভিন্ন প্ৰকাৰৰ প্ৰলোভনৰ জালত পেলাই অৰুণাচলীয়ে চলাই আহিছে আগ্ৰাসন ।
অসম চৰকাৰৰ চুড়ান্ত দায়িত্বহীনতাৰ পৰিনতিত আজি চৰম নিৰাপত্তা হীনতাত ভোগিছে সীমান্তবাসী অসমীয়াই । ঠিক তেনে সময়তে স্থানীয় সাংসদ গৰাকীক লগত লৈ বিবদমান অঞ্চলটো পৰিদৰ্শণ কৰাৰ সমান্তৰালকৈ সীমান্তবাসী অসমীয়াৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কথা ঘোষণা কৰে বিহপুৰীয়া সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ড.অমীয় কুমাৰ ভূঞাই ।
এতিয়া প্ৰশ্ন হয় বিগত সময়ছোৱাত কোনো এখন চৰকাৰে সমাধান কৰিব নোৱাৰা এনে এটা স্পৰ্শকাতৰ সমস্যাৰ সমাধান কৰিব পাৰিব নে স্থানীয় বিধায়ক গৰাকীৰ লগতে ড.হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ খনে ? স্বাধীনতাৰ ৭ দশকৰ পিছতো বঞ্চিত-অৱহেলিত সীমান্তবাসী অসমীয়াই জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা পাবনে ??
The post অসমৰ এক ইঞ্চি মাটিও এৰি দিয়া নহ’ব: অৰুণাচলীক শেষ সকিয়নি বিধায়ক ড. অমিয় কুমাৰ ভূঞাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3diBDKk
via IFTTT
Comments
Post a Comment