টেক্স নিদিলে গুলীঃ অসমৰ চাহ খেতিয়কক ভাবুকি এন এচ চি এনৰ…

টেক্স নিদিলে গুলীঃ অসমৰ চাহ খেতিয়কক ভাবুকি এন এচ চি এনৰ…

  • পুনৰ উত্তপ্ত হৈছে মৰিয়নিৰ সীমান্ত।
  • কৰ নিদিলে গুলী। ক্ষুদ্ৰ চাহ খেতিয়কক ভাবুকি এন এচ চি এনৰ।
  • অসমৰ দিচৈভেলীত নগাৰ ভয়াবহ আগ্ৰাসন অব্যাহত থকাৰ সময়তে এইবাৰ ক্ষুদ্ৰ চাহ খেতিয়কক ভাবুকি নগা দুৰ্বৃত্তৰ।
  • মৰিয়নিৰ চেলেংহাট থানাৰ অন্তৰ্গত চাৰিঙীয়াজুৰিৰ ফুচুঙত থকা ৰবীন কুৰ্মীৰ ক্ষুদ্ৰ চাহ বাগিছাৰ শ্ৰমিকক কৰ বিচাৰি ভাবুকি সশস্ত্ৰ এন এচ চি এনৰ।

ক্লিক কৰি পঢ়কঃ তাৰাপ্ৰসাদ দাসক অগপৰ উপ সভাপতিৰ দায়িত্ব

  • নগাৰ ভাবুকিৰ পাছতেই বন্ধ হৈ পৰিছে বহু ক্ষুদ্ৰ চাহ বাগিছাৰ কাম কাজ।
  • অস্ত্ৰধাৰী নগা বিদ্ৰোহীৰ ধন দাবীত আতংকিত সীমান্তৰ বহু ক্ষুদ্ৰ চাহ খেতিয়কে কেচা পাত তুলিবলৈ বাগিছালৈ যাব পৰা নাই।
  • এইক্ষেত্ৰত অসমৰ প্ৰশাসনে ক্ষুদ্ৰ চাহ খেতিয়কসকলক যথোচিত নিৰাপত্তা প্ৰদানত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে।
  • মন কৰিবলগীয়া যে ক্ষুদ্ৰ চাহ খেতিয়কসকলে বনাঞ্চলৰ পটিত মাটিত ক্ষুদ্ৰ চাহ খেতি কৰি সীমান্তৰ প্ৰহৰীৰ ভূমিকা পালন কৰি আহিছে।
  • এই ক্ষুদ্ৰ চাহ খেতিয়কসকল কিন্তু পদে পদে নগা বিদ্ৰোহীৰ সন্ত্ৰাসৰ বলি হ’ব লগা হৈছে।

The post টেক্স নিদিলে গুলীঃ অসমৰ চাহ খেতিয়কক ভাবুকি এন এচ চি এনৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3d7EHsP
via IFTTT

Comments