পৰিৱেশ আৰু বন বিভাগৰ দ্বাৰা বেদখলমুক্ত কৰা হৈছে ৰাজ্যৰ ৩৪০০ হেক্টৰ ভূমি

ৰাজ্যখনত পৰিৱেশ আৰু বন বিভাগে ৩৪০০ হেক্টৰতকৈ অধিক বন বিভাগৰ মাটি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে।

২০১৬-২০ চনৰ ভিতৰত বিভাগে সংৰক্ষিত বনাঞ্চল, বন্যপ্ৰাণী অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আৰু অন্যান্য সংৰক্ষিত অঞ্চলৰ ৩০০০ তকৈ অধিক অঞ্চলৰ অবৈধ দখলৰ পৰা উদ্ধাৰ কৰিছে। এই অভিযানসমূহত ২৯৬০ টা অবৈধ নিৰ্মাণ ধ্বংস কৰাৰ উপৰিও ১৯৪ জন ব্যক্তিক আটক কৰিছে।

২০২১ চনৰ এপ্ৰিল মাহৰ পৰা ২৩ জুনৰ ভিতৰত ৯১৫ হেক্টৰ ভূমি এইদৰে অবৈধ বেদখলমুক্ত কৰা হয়।

নামনি অসম মণ্ডলত, ১৮৫.৫৫ হেক্টৰ ভূমি, উজনি অসম মণ্ডলত ২.৫ হেক্টৰ ভূমি, কাৰ্বি আংলং পশ্চিম অঞ্চলৰ ৬১৫ হেক্টৰ ভূমি, কাৰ্বি আংলং পূৱ মণ্ডলৰ ৫০ হেক্টৰ ভূমি, কোকৰাঝাৰৰ হাতুগাঁওত ৪০ হেক্টৰ আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞ্চলৰ প্ৰায় ২২ হেক্টৰ ভূমি বেদখলমুক্ত কৰা হয়।

পৰিৱেশ আৰু বন বিভাগে সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানক অবৈধ দখলৰ পৰা সম্পূৰ্ণভাৱে মুক্ত কৰিবলৈ এক অভিযানৰ সূচনা কৰিছে।

পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে প্ৰশাসন আৰু পুলিচ বিভাগৰ সহযোগিতাৰ দ্বাৰা বন্যভূমি অবৈধ বেদখলমুক্ত কৰিবলৈ তেওঁ দৃঢ় প্ৰতিজ্ঞ।

“বনাঞ্চল, অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান, জৈৱসংৰক্ষিত অঞ্চল আৰু অন্যান্য সংৰক্ষিত অঞ্চলত এইধৰণৰ কাৰ্য-কলাপৰ প্ৰতি শূন্য সহনশীল নীতি গ্ৰহণ কৰা হ’ব“ বুলিও তেওঁ উল্লেখ কৰে।

নিয়ম ভংগকাৰীৰ বিৰূদ্ধে আইন অনুযায়ী কঠোৰ পদক্ষেপ লোৱাৰ কথাও তেওঁ অৱগত কৰে।

বিভাগে গৌণ খনিজ আহৰণ অঞ্চলসমূহৰ বালি আৰু শিলৰ মহলসমূহৰ পৰা ৰাজহ সংগ্ৰহ বৃদ্ধি কৰাৰ বাবে ৪৯ টা মহল কাৰ্যক্ষম কৰি তোলাত গুৰুত্ব আৰোপ কৰিছে। মুঠ ৪১৮ টা মহলৰ ভিতৰত ২৯৭ টা উজনি আৰু নামনি অসম মণ্ডলৰ অন্তৰ্গত আৰু ১২১ টা ষষ্ঠ অনুসূচীৰ অন্তৰ্গত।

ইয়াৰ ভিতৰত উজনি আৰু নামনি অসমত ১২৬ টা মহল কাৰ্যকৰী অৱস্থাত আছে আৰু ষষ্ঠ অনুসূচীৰ অন্তৰ্ভূক্ত ৮১ টা মহল বৰ্তমান চলিত অৱস্থাত আছে। ৫৭ টা মহলৰ বাবে ইতিমধ্যেই নিবিদা প্ৰকাশ কৰা হৈছে, ৫৫ টা নিবিদা অনুযায়ী মীমাংসা কৰা হৈছে আৰু ৫০ টা মহল মোকৰ্দমাৰ অধীনত আছে।

২০২০-২১ চনত বিভাগে ৩০২.৩৮ কোটি টকা আৰু ২০.০২ কোটি টকা ২০২১-২২ ৰ জুন মাহ পৰ্যন্ত ৰাজহ হিচাপে সংগ্ৰহ কৰিছে।

ৰাজ্যৰ সেউজ আৱৰণ বঢ়োৱাৰ উদ্দেশ্যে বিশাল হাৰত বনানীকৰণ অভিযান হাতত লোৱা হৈছে। এইক্ষেত্ৰত ছছিয়েল ফৰেষ্ট্ৰী ৱিঙৰ দ্বাৰা এখন কৰ্মপৰিকল্পনা প্ৰস্তুত কৰা হৈছে।

The post পৰিৱেশ আৰু বন বিভাগৰ দ্বাৰা বেদখলমুক্ত কৰা হৈছে ৰাজ্যৰ ৩৪০০ হেক্টৰ ভূমি appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3gYnrZn
via IFTTT

Comments