দুৰ্নীতিত লিপ্ত লাট মণ্ডলক নিলম্বনঃ ফেচবুকৰ জৰিয়তে অভিযোগ দিব পাৰিব মন্ত্ৰীক

  • কঠোৰ হৈছে ৰাজহ মন্ত্ৰী যোগেন মহন
  • দুৰ্নীতিত অভিযুক্ত লাট মণ্ডলক নিলম্বন কৰিলে চাকৰিৰ পৰা।
  • নিলম্বিত লাটমণ্ডলজন গহপুৰ ৰাজহ চক্ৰৰ হেমন্ত গোঁহাই।
  • ৰাজহ মন্ত্ৰী যোগেন মহনে নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে এই বিষয়ে ঘোষণা কৰিছে।
  • দুৰ্নীতিৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন চৰকাৰে সদায় ব্যৱস্থা গ্ৰহণ কৰি আহিছে বুলি উল্লেখ মন্ত্ৰীগৰাকীৰ।
  • দুৰ্নীতিক কোনোধৰণৰ প্ৰশ্ৰয় দিয়া নহ’ব বুলিও উল্লেখ কৰিছে মন্ত্ৰী গৰাকীয়ে।
  • দুৰ্নীতি সম্পৰ্কীয় অভিযোগ ফেচবুকত মেছেজ কৰি ব্যক্তিগতভাৱে তেওঁক জনাবলৈও আহ্বান জনাইছে মন্ত্ৰী যোগেন মহনে।

The post দুৰ্নীতিত লিপ্ত লাট মণ্ডলক নিলম্বনঃ ফেচবুকৰ জৰিয়তে অভিযোগ দিব পাৰিব মন্ত্ৰীক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2TjZcvC
via IFTTT

Comments