অব্যাহত আছে নগাৰ বেদখলঃ উচ্ছেদ কৰিবলৈ যোৱা অসমৰ প্ৰশাসনক বাধা…

ডিজিটেল সংবাদ মৰিয়নি: মৰিয়নিৰ দিচৈভেলী সংৰক্ষিত বনাঞ্চলত অব্যাহত আছে নগাৰ বেদখল।বেদখল উচ্ছেদৰ বাবে মংগলবাৰে দিচৈভেলীত উপস্থিত হৈছিল যোৰহাট জিলা প্ৰশাসনৰ এটা বৃহৎ দল।আৰক্ষী, চি আৰ পি এফৰ বৃহৎ দল লগত লৈ বন বিভাগৰ এটা দলে দিচৈভেলীৰ অসমৰ ভূমিত নগাই স্থাপন কৰা বহুকেইটা গৃহ উচ্ছেদৰ বাবে যায় যদিও একাংশ নগা লোকে অস্ত্ৰ দেখুৱাই অসমৰ প্ৰশাসনক কোনো কাৰনতে নগাৰ গৃহসমূহ উচ্ছেদ কৰিবলৈ দিয়া নহ’ব বুলি হুমকি দিয়ে।অৱশেষত মৰিয়নিৰ দণ্ডাধীশ বিশ্বজিৎ বৰাই নগা ৰাইজৰ লগত এক বৈঠকত মিলিত হয় যদিও নগালোকসকল নিজৰ স্থিতিত আকোৰগোজ হৈ থাকে।শেষত উপায়হীন হৈ অসমৰ প্ৰশাসনে নগাৰ বেদখলীকৃত দিচৈভেলী বনাঞ্চলৰ এটা টিলাত সীমান্ত আৰক্ষী বেটেলিয়নৰ এটা অস্থায়ী চাউনি স্থাপন কৰিয়েই উভটি আহিবলৈ বাধ্য হয়।

ক্লিক কৰি পঢ়কঃ ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতি…

অসমীয়া প্ৰতিদিনক দণ্ডাধীশ বিশ্বজিৎ বৰাই জনোৱা মতে দিচৈভেলীত অৱশিষ্ট অসমৰ ভূমিত যাতে নতুনকৈ নগাই বেদখল কৰিব নোৱাৰে তাৰ বাবে অসম আৰক্ষীৰ বেটেলিয়নৰ শিবিৰটো স্থাপন কৰা হৈছে।লক্ষণীয় যে খোদ অসমৰ মাটিত নগাৰ বেদখল উচ্ছেদ কৰিবলৈ গৈ নগাৰ বাধাত সেও মানি অসমৰ প্ৰশাসন উভটি আহিবলগা হোৱা ঘটনাই মৰিয়নিৰ সীমান্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এইক্ষেত্ৰত সীমান্তত নগাৰ আগ্ৰাসন সন্দৰ্ভত সততে সৰব হৈ অহা আৰু বৰ্তমান বিজেপি গমন কৰা প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দিচৈভেলীত নগাৰ আগ্ৰাসন উচ্ছেদ সন্দৰ্ভত কি পদক্ষেপ গ্ৰহন কৰে লক্ষণীয় হ’ব। ইপিনে দিচৈভেলীত নগাৰ বেদখল উচ্ছেদ কৰিবলৈ সক্ষম নোহোৱা অসম চৰকাৰ তথা প্ৰশাসনৰ ভূমিকাত ক্ষুদ্ধ হৈ পৰিছে সীমান্তবাসীৰ লগতে মৰিয়নিৰ বিভিন্ন জাতীয় দল সংগঠন।

The post অব্যাহত আছে নগাৰ বেদখলঃ উচ্ছেদ কৰিবলৈ যোৱা অসমৰ প্ৰশাসনক বাধা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Tj9qwh
via IFTTT

Comments