১ লাখ নিযুক্তিঃ মুখ্যমন্ত্ৰীলৈ এ পি ডব্লিউৰ স্মাৰক পত্ৰ, পঢ়ক সবিশেষ…

ডিজিটেল ডেস্কঃ ৰাজ্যবাসীক ১ লাখ নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰাৰ বাবে তৎপৰতা বৃদ্ধি কৰিছে চৰকাৰে। তাৰ মাজতে আসাম পাব্লিক ৱর্কছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰিছে এক স্মাৰক পত্ৰ। এই স্মাৰক পত্ৰখনত আসাম পাব্লিক ৱর্কছ চমুকৈ এ পি ডব্লিউ-য়ে এক লাখ পদবীৰ বিপৰীতে নিকা পৰীক্ষা পতা তথা আবেদনকাৰীৰ সকলো আবেদন বিনামূলীয়া কৰা আৰু শীৰ্ষ আৰক্ষী বিষয়াৰ “তদাৰকী কোষ”ৰ তত্বাবধানত নিযুক্তি প্রক্রিয়া সম্পন্ন কৰাৰ আহ্বান জনায়।

আসাম পাব্লিক ৱৰ্কছ-য়ে এই স্মাৰক পত্ৰখনৰ যোগেদি জনোৱা আহ্বান সমূহ ক্ৰমে-

প্রথমে প্রতিটো বিভাগৰ নিযুক্তিৰ বাবে আবেদন কৰা প্রক্রিয়াটো সম্পূৰ্ণ বিনামূলীয়া হ’ব লাগে। নিবনুৱা সকলৰ পৰা কোনো আবেদনৰ বিপৰীতে এটকাও যাতে মাচুল আদায় লোৱা নহয় তাৰ ব্যৱস্হা কৰিব লাগে।  লগতে কোনো দুটা বা তিনিটা বিভাগৰ সাক্ষাৎকাৰ বা পৰীক্ষা যাতে একেটা তাৰিখতে অনুস্থিত নহয় তাৰ ব্যৱস্হা হ’ব লাগে তথা সমগ্ৰ পৰীক্ষা ব্যৱস্হাপনা অতি নিকা সচ্ছ আৰু আধুনিক প্ৰযুক্তিৰে সম্পন্ন হ’ব লাগে।

দ্বিতীয়তে, পূর্বৰ চৰকাৰৰ পণ্বায়ত আৰু গ্রামোন্নয়ন,  জলসিঞ্চন বিভাগৰ নিযুক্তি,  মীন বিভাগৰ নিযুক্তি  , উপ পৰিদর্শকৰ প্রশ্নকাকত কেলেংকাৰীৰ দৰে নিযুক্তি প্রক্রিয়া হব নালাগে।  শেষৰজন উত্তীর্ণ প্রার্থীও যাতে আপোন মেধাৰ বলত সততাৰে চাকৰি পায় তাৰ বাবে আপোনাৰ দৃঢ় পদক্ষেপ আমি কামনা কৰো।  লগতে নিযুক্তি প্রক্রিয়া অনুস্থিত কৰা সংস্থাসমূহ যাতে পূর্বৰ কোনো কুকীর্তিৰে ভৰা নহয়,  অন্য ৰাজ্যৰ ব্লেকলিষ্টেড সংস্থা নহয় এইবোৰ দায়িত্ব সহকাৰে পৰীক্ষা কৰিহে দায়িত্ব দিব লাগে।

তৃতীয়তে কোনো নিযুক্তিৰ সৈতে ৰাজনীতিক মহল তথা চাকৰিৰ দালাল চক্ৰ যাতে সক্ৰিয় হ’ব নোৱাৰে তাৰ বাবে অসম আৰক্ষীৰ অতি দক্ষ, সৎ তথা শীৰ্ষস্হানীয় বিষয়াৰ (মহাপৰিদর্শক আৰু তাতকৈ ওপৰখাপৰ বা অসম আৰক্ষীৰ বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ) তত্বাবধানত  ভিজিলেণ্স সমিতি তৈয়াৰ কৰি , সেই সমিতিক সৰ্বোচ্চ ক্ষমতা দি,  সেই সমিতিৰ নীৰিক্ষণ তথা তত্বাৱধানত সকলো বিভাগীয় পৰীক্ষা সুকলমে অনুস্থিত কৰিব লাগে। যাতে  কোনো স্বজন তোষণ বা দুর্নীতিৰ এটাও যদি অভিযোগ আহে তেওঁলোক যাতে তাৰ বাবে দায়বদ্ধ হয় তাৰ ব্যৱস্থা কৰিব পাৰে।  প্ৰয়োজনত ইয়াৰ বাবে কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰি তাক কার্যকৰী কৰিব লাগে।

The post ১ লাখ নিযুক্তিঃ মুখ্যমন্ত্ৰীলৈ এ পি ডব্লিউৰ স্মাৰক পত্ৰ, পঢ়ক সবিশেষ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3AbmT9W
via IFTTT

Comments