উচ্চতম ন্যায়ালয়ৰ ধমক; অন্ধ্ৰ প্ৰদেশতো বাতিল দশম, দ্বাদশ শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষা

এই বছৰ অন্ধ্ৰ প্ৰদেশতো দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত নহয়। উচ্চতম ন্যায়ালয়ে ইয়াৰ সিদ্ধান্ত সমালোচনা কৰাৰ পাছতে ৰাজ্য চৰকাৰে  এই পৰীক্ষা বাতিলৰ সিদ্ধান্ত লয়।

যেতিয়া আন ৰাজ্যসমূহে কোভিড অতিমাৰীৰ প্ৰতি লক্ষ্য ৰাখি এই বছৰ পৰীক্ষা বাতিলৰ সিদ্ধান্ত লৈছে তেনে সময়ত ৰাজ্যখনত চৰকাৰক পৰীক্ষা পতাৰ বিষয়ত সকীয়াই দিয়ে শীৰ্ষ আদালতখনে।

‘’আনকি এজনৰ মৃত্যু হ’লেও আমি ১ কোটি টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ দিব পাৰো,’’বুলি ৰাজ্য চৰকাৰক সকীয়াই দি উচ্চতম ন্যায়ালয়ে কৈছিল, ‘’যেতিয়া আন বোৰ্ডসমূহে বাতিল কৰিছে অন্ধ্ৰপ্ৰদেশে কিয় ব্যতিক্রম দেখুৱাব বিচাৰিছে।‘’

আদালতখনে লগতে কৈছিল যে যদি পৰীক্ষা জুলাইত অনুষ্ঠিত হয়, তেতিয়া ফলাফল পলম হ’ব আৰু ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষাৰ পাঠ্যক্ৰমত নামভৰ্তি সুযোগ হেৰুৱাব।

ৰাজ্যখনৰ শিক্ষামন্ত্ৰী আদিমুলাপু সুৰেশে উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পাছতে তাৎক্ষণিকভাৱে পৰীক্ষা বাতিলৰ কথা ঘোষণা কৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ দৰে ৰাজ্যখনে ৩১জুলাইৰ ভিতৰত ফলাফল ঘোষণা কৰা সম্ভৱ নহয়।

তেওঁ কয় যে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থীসকলক নম্বৰ প্ৰদানৰ পদ্ধতিৰ বিষয়ত এখন উচ্চস্তৰীয় কমিটি গঠন কৰা হব।

 

The post উচ্চতম ন্যায়ালয়ৰ ধমক; অন্ধ্ৰ প্ৰদেশতো বাতিল দশম, দ্বাদশ শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষা appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2SX8v4E
via IFTTT

Comments