কোকৰাঝাৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান, তিনিজনক আটক…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ আৰক্ষীয়ে আজি ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই হিৰোইন জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে তিনিগৰাকী যুৱকক আটক কৰিবলৈ সক্ষম হৈছে । আটকাধীন তিনিযুৱক হ’ল ক্ৰমে কোকৰাঝাৰ চহৰৰ টেঙাপাৰাৰ গৌজানথাও নাৰ্জাৰী (২২) হাব্ৰুবাৰীৰ ফৰেষ্ট কলনিৰ কেনেডী ব্ৰহ্ম (২৩) আৰু বাগানশালিৰ সাগৰ দৈমাৰী (২২) ৷ তেওঁলোকৰ পৰা আৰক্ষীয়ে দহটা কণ্টেইনাৰ , নগদ পোন্ধৰ হাজাৰ টকা , তিনিটা মোবাইল , দুটা চিৰিঞ্জ উদ্ধাৰ কৰিছে । ইয়াৰে দহটা কণ্টেইনাৰৰ ভিতৰত তিনিটা কণ্টেইনাৰত হিৰোইনৰ পাউডাৰ বুলি উপ আৰক্ষী অধীক্ষক পুনম পেগুৱে সদৰি কৰিছে ।
এক সংবাদমেলত উপ আৰক্ষী অধীক্ষক পুনম পেগুৱে কয় যে নিদিষ্ট তথ্যৰ ভিত্তিত আজি অভিযান চলোৱা হৈছিল আৰু আৰক্ষীয়ে ড্ৰাগছ সহিতে তিনিজনক আটক কৰিবলৈ সক্ষম হৈছে । তেওঁলোকক জেৰা অব্যাহত ৰখা হৈছে আৰু ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি সদৰি কৰিছে । বিগত তিনিমাহত ড্ৰাগছৰ সতে জড়িত ১০ জনক কৰায়ত্ব কৰা হৈছে বুলি উপ আৰক্ষী অধীক্ষক পুনম পেগুৱে সদৰি কৰিছে ।
The post কোকৰাঝাৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান, তিনিজনক আটক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3gWZWQd
via IFTTT
Comments
Post a Comment