পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য…

- দেশত বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য।
- মঙলবাৰৰ দিনটোত দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৯৮.৮১টকালৈ বৃদ্ধি পালে।
- ৰাজ্যখনত ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য হৈছেগৈ ৮৯.১৮ টকা।
- একেদৰে মুম্বাই মহানগৰীতো একেই অৱস্থা।
- মহানগৰীখনত যোৱা কেইবাদিনো ধৰি ১০০ টকাৰো অধিক মূল্যত ক্ৰয় কৰিবলগীয়া হৈছে ইন্ধন।
- মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লত ১০৪.৯০ টকা আৰু ডিজেলত ৯৬.৭২ টকা হৈছেগৈ।
- চেন্নাইত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ক্ৰমে প্ৰতিলিটাৰত ৯৯.৮২ টকা আৰু ৯৩.৭৪ টকালৈ বৃদ্ধি পাইছে।।
The post পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3dqig1Z
via IFTTT
Comments
Post a Comment