১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. ৰাজ্যত হ্ৰাস পাইছে কোৰোনাত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা । বিগত ২৪ ঘণ্টাত ৰাজ্যৰত কোৰোনাত আক্ৰান্ত হৈছে মুঠ ২৬৪০ গৰাকী লোক। এই সময়চোৱাত মুঠ ১,২৭,৮৮৭ গৰাকী লোকৰ কোভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল।

২. শনিবাৰৰ দিনটোত ৰাজ্যত কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ লোকৰ সংখ্যা ৩৩ গৰাকী।

৩. বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ ২.০৬ শতাংশ। সেইদৰে এই সময়চোৱাত সুস্থতাৰ হাৰ ৯৩.৩৩ শতাংশ।

৪. কোভিড পৰিস্থিতি উন্নত হোৱাৰ প্ৰতি লক্ষ্য কৰি ৰাজ্য চৰকাৰে নতুন এছ অ’ পি জাৰি কৰিছে। মন্ত্ৰী কেশৱ মহন্তই জনোৱা অনুসৰি ৰাজ্যত কোভিড হটস্পটৰ সংখ্যা ২৪৭ টালৈ বৃদ্ধি পাইছে। ইয়াৰ উপৰিও ৪৫৮১ অঞ্চলৰ প্ৰতি চোকা নজৰ ৰাখিব চৰাকাৰে।

৫. নতুন এছ অ’ পি অনুসৰি চাৰিখন জিলাক সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে। মৰিগাওঁ, বিশ্বনাথ, গোৱালপাৰা জিলা আৰু বোকাখাট মহকুমাত ২৪ ঘণ্টাই থাকিব সান্ধ্য আইন। এই জিলা কেইখনৰ লগতে বোকাখাট মহকুমাটোত গেলামালৰ দোকান খোলাৰ অনুমতি প্ৰদান কৰা হৈছে। জনসাধাৰণে এই দোকানৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিব পাৰিব।

৬. কামৰূপ মেট্ৰ জিলাত কোভিড পৰিস্থিতি উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৩ বজালৈকে দোকান পোহাৰ খোলাৰ অনুমতি প্ৰদান কৰা হৈছে। ৪ বজাৰ লগে লগে সকলো বন্ধ কৰিব লাগিব। বাকী জিলা সমূহত পূৰ্বৰ নীতি নিৰ্দেশনাই বাহাল থাকিব।

৭. ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে ভৱেশ কলিতাক নিযুক্তি প্ৰদান কৰা হৈছে। বিজেপিৰ অধ্যক্ষ জে পি নড্ডাই ভৱেশ কলিতাক এই নিযুক্তি প্ৰদান কৰিছে।

৮.ভুপালত উপস্থিত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান। এটা কোভিড কেয়াৰ চেন্টাৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

৯. বিজেপি অধ্যক্ষ জে পি নড্ডাই অনুষ্ঠিত কৰে এক গুৰুত্বপূৰ্ণ বৈঠক। দলটোৰ সকলো জ্যেষ্ঠ নেতা উপস্থিত থাকে এই বৈঠকত।

১০. বিহাৰৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৃষ্টিপাত। বৰষুণৰ ফলত পাটনাস্থিত ইএছআইচি হাস্পতাল চৌহদত সৃষ্টি হৈছে বানপানী।

১১. শিৰোমণি আকালী দলৰ সভাপতি সুখবীৰ সিং বাদল শনিবাৰে হাজিৰ হয় এছ আই টিৰ আগত। ২০১৫ৰ কোটকাপুৰা গুলীবৰ্ষণ ঘটনাৰ সন্দৰ্ভত কৰা হয় সোধ-পোছ।

১২. মুম্বাই ক্ৰাইম ব্ৰান্সৰ এটা দলে মালাডস্থিত দুটা ভুৱা কল চেন্টাৰত অভিযান চলায়। এই অভিযানকালত গ্ৰেপ্তাৰ কৰা হয় দুজন লোক।

১৩. টকিঅ’ অলিম্পিকত ভাৰতৰ যিসকল খেলুৱৈ সোণৰ, ৰূপৰ আৰু ব্ৰঞ্জৰ মেডেল লাভ কৰিব সেই খেলুৱৈসকলক প্ৰদান কৰা হ’ব ক্ৰমে ৩, ২ আৰু ১ কোটিকৈ টকা। এই ঘোষণা তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ।

১৪. লাডাখলৈ যাব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। দেওবাৰে লাডাখত উপস্থিত হ’ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।

১৫. ভুৱা ভেকচিন লৈ অসুস্থ পশ্চিম বংগৰ সাংসদ মিমী চক্ৰৱৰ্তী। ঘটনাৰ লগত জড়িত এজন ভুৱা বিষয়াক আটক কৰা হৈছে।

১৬. ক্ৰমাৎ সলনি হৈছে হাগ্ৰামা মহিলাৰী। মহাজোটৰ সভাত অনুপস্থিত থকা মহিলাৰীয়ে একালৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ আগবঢ়ালে ২৫ লাখ টকা। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ মহিলাৰীয়ে আগবঢ়াইছে এই সাহায্য।

১৭. শাসক পক্ষৰ একাধিক প্ৰত্যাহ্বান নেওচি দেশৰ কৃষক আন্দোলনে পাৰ কৰিলে ৭ টা মাহ।দেওবাৰে কৃষকসকলে দিল্লীৰ ৰাজ পথত এক ট্ৰেক্টৰ ৰেলী উলিয়াব বুলি জনাইছে আন্দোলনৰ নেতৃত্বই।

১৮. মহানগৰীত আজৱ কাণ্ড। পল্টন বজাৰৰ ৰেলৱে কলিনৰ পৰা ভুৱা আৰক্ষীয়ে অপহৰণ কৰিলে এজনক।

১৯. নগাঁৱত কোভিডৰ ভুৱা নথি জমা দি বিপদত কৃষি বিষয়া। ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে তৰিলে গোচৰ।

২০. নগাঁৱত শিশুৰ দেহত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। ছয়মাহৰ পৰা ১৪ বছৰীয়া প্ৰায় ডেৰ শতাধিক শিশুৰ দেহত ধৰা পৰিছে কোভিড।

২১.বিদ্যুত মাছুল পৰিশোধ নকৰা আৰু কোভিড ভেকচিন গ্ৰহণ নকৰা বিষয়টো কৰ্মচাৰীৰ দৰমহাৰ সৈতে জড়িত কৰিব নালাগে। এই নীতি শীঘ্ৰে পৰিহাৰ কৰিবলৈ চৰকাৰলৈ আহ্বান অসম হাইস্কুল শিক্ষক সন্থাৰ।

২২. প্ৰায় দুবছৰৰ মূৰত নিজ গৃহত উপস্থিত হ’লগৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ। কা আন্দোলনৰ সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অখিল গগৈ প্ৰায় ডেৰ বছৰ ধৰি কাৰাবন্দী হৈ আছিল। নিয়াৰ আদালতে অখিল গগৈৰ আবেদন গ্ৰহণ কৰি দুদিনৰ বাবে মুকলি আকাশৰ তললৈ যাবলৈ অনুমতি প্ৰদান কৰিছে।

২৩. অভিনেত্ৰী শ্যামন্তিকাৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুত্বপূৰ্ণ অভিযোগ। অভিনেত্ৰী শ্যামন্তিকা আৰু তেওঁৰ মাক আৰু ডাঙৰ ককায়েকৰ ওপৰত অভিযোগ উত্থাপন কৰি আৰক্ষীৰ কাষ চাপিছে সৰু বৌৱেক। শ্যামন্তিকাৰ সৰু বৌৱেকৰ অভিযোগ পৰিয়ালটোৱে তেওঁক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰি আহিছে।

২৪. পবিত্ৰ অম্বুবাচীৰ শনিবাৰ নিবৃত্তি হৈছে। সেই উপলক্ষে কামাখ্যাক আলোকেৰে সজাই তোলা হৈছে। ২২ জুনৰ বিয়লিৰ পৰা অম্বুবাচীৰ বাবে বন্ধ আছিল কামাখ্যাৰ দুৱাৰ। ২৬ জুনৰ পুৱা ২ বাজি ২৯ মিনিটত নিবৃত্তি হোৱাৰ পাছতে খোলা হৈছে কামাখ্যাৰ দুৱাৰ।

২৫. ভাৰতীয় মহিলা ক্ৰিকেটাৰ মিতালী ৰাজে গঢ়িলে ইতিহাস। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২২ বছৰ সম্পূৰ্ণ কৰিলে মিতালীয়ে। শচীন তেণ্ডুলকাৰৰ পাছতে এই সফলতা অৰ্জন কৰা দ্বিতীয়গৰাকী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ’ল মিতালী ৰাজ।

The post ১ মিনিটত ২৫ খবৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3hbvy3p
via IFTTT

Comments