টুইটাৰ ইণ্ডিয়াৰ বিৰুদ্ধে পুনৰ উত্তৰ প্ৰদেশ আৰক্ষীৰ গোচৰ ৰুজু …

ডিজিটেল ডেস্ক: বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগে লগে মানৱ জীৱনৰ অন্য অপৰিহাৰ্য অংগ হৈ পৰিছে সমাজিক মাধ্যম। ভাৰতত ব্যৱহাৰ কৰা অন্য তম জনপ্ৰিয় সামাজিক সাধ্যম হল টুইটাৰ । আজিকালি প্ৰায় লোকে টুইটাৰ মাধ্যমেৰ দেশ বিদেশৰ প্ৰতিটো খবৰ সহজে ৰাখিব পাৰে। কিন্তু শেহতীয়া কৈ টুইটাৰ ইণ্ডিয়াক বিপদে লগ নেৰা হৈছে। কিছুদিনৰ পূৰ্বে টুইটাৰ ইণ্ডিয়াক ভাৰতৰ তথ্য আৰু আইন সুৰক্ষাৰ বাবে গঠণ হোৱা এখন কমিটিয়ে স্পষ্ট ভাৱে জনাইছিল যে ভাৰতত টুইটাৰ ব্যৱহাৰ কৰিবলৈ হ’লে দেশৰ আইনক প্ৰাধান্য দিব লাগিব।এই সন্দৰ্ভত কেইবা লানি বৈঠকৰ পাছত সন্মতি প্ৰদান কৰাৰ পাছত আকৌ এক বিপদৰ সন্মুখীন হল টুইটাৰ ইণ্ডিয়া।
এইবাৰ ভাৰতৰ নক্সা ভুলকৈ দেখুৱাৰ বাবেই উত্তৰ প্ৰদেশ আৰক্ষীয়ে টুইটাৰ ইণ্ডিয়াৰ মুৰব্বী মনীষ মহেশ্বৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। টুইটাৰ ইণ্ডিয়াই কিছু দিনৰ পূৰ্বে টুইপ লাইভ নামৰ এটা শখাত জন্মু-কাশ্মীৰ আৰু লাডাখক অন্য দেশৰ দৰে দেখুৱাবলৈ চেষ্টা কৰিছিল।অৱশ্যে টুইটাৰ ইণ্ডিয়াই সেই নক্সা এতিয়া আতৰাই দিছে ।উল্লেখযোগ্য যে টুইটাৰ ইণ্ডিয়াৰ মুৰব্বী মনীষ মহেশ্বৰীৰ বিৰুদ্ধে এইটো উত্তৰপ্ৰদেশ আৰক্ষীৰ দ্বিতীয় গোচৰ।
The post টুইটাৰ ইণ্ডিয়াৰ বিৰুদ্ধে পুনৰ উত্তৰ প্ৰদেশ আৰক্ষীৰ গোচৰ ৰুজু … appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3hh230j
via IFTTT
Comments
Post a Comment