“নৰ্থ-ইষ্ট নাও’ৰ বাতৰিৰ প্ৰভাৱ: টংলা পৌৰসভাৰ দ্বাৰা শতাধিক বগলী হত্যা; মুখ্যমন্ত্ৰীৰ তদন্তৰ নিৰ্দেশ
অতিমাৰী কৰ’না’ৰ দোহাই দি বৃহস্পতিবাৰে টংলা পৌৰসভাই শতাধিক বগলী হত্যা কৰাৰ পিছতে তৎপৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে টুইট যোগে এই কথা জনোৱাৰ লগতে বনমন্ত্ৰী পৰিমল শুকল্যবৈদ্যক তদন্তৰ নিৰ্দেশ দিয়ে।
উল্লেখযোগ্য বৃহস্পতিবাৰে টংলা পৌৰসভাই ১ নং ওৱাৰ্ড’ৰ লোকজীৎ সুতাৰ’ৰ বাঁহ গছ’ত আশ্ৰয় লৈ থকা প্ৰায় তিনি শতাধিক বগলীক অতি নিৰ্মমভাৱে হত্যা কৰিছিল।
মূল চহৰৰ পৰা কিছু আঁতৰত অৱস্থিত লোকজীৎ সুতাৰ’ৰ ঘৰৰ বাঁহত অন্য বছৰৰ দৰে এইবেলিও শ শ বগলী পোৱালি জগাবলৈ আহিছিল।
লোকজীৎ সুতাৰে জানিব দিয়া মতে, মাত্ৰ দুমাহ তেওঁ লোক জিৰণি লৈ পোৱালি বোৰ ডাঙৰ হোৱাৰ লগে লগে ইয়াৰ পৰা আঁতৰি যায়।
প্ৰতি বছৰে তেওঁলোকৰ এই অহা যোৱা কাৰ্য্য চলি থাকে। কিন্তু নিৰ্দয়, হৃদয়হীন এচাম লোকৰ কৱলত পৰি তেওঁ লোকৰ সন্তানৰ লগতে, তেওঁলোকৰ পৰিয়ালবোৰ চিৰদিনৰ বাবে হেৰুৱালে।
শুকুৰবাৰে এই বাতৰি প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যৰ প্ৰকৃতি প্ৰেমী সকলৰ লগতে বৌদ্ধিক সমাজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। লোকজীৎ সুতাৰৰ ঘৰত বছৰ বছৰ ধৰি বগলী চৰাইবোৰৰ এই কাৰ্য্য অব্যাহত আছে যদিও এইবাৰ হঠাতে কিয় বগলীয়ে পৰিবেশ বিনষ্ট কৰিলে সেয়া এক ৰহস্যজনক কথা হৈ পৰিছে।
চলিত মাহৰ ৮ তাৰিখে চহৰ খনৰ ১ আৰু ২ নং ওৱাৰ্ড’ৰ পাঁচ ঘৰ পৰিয়ালৰ লোকক তেওঁ লোকৰ বাঁহবোৰ কাটিবৰ বাবে টংলা পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া তথা নগৰ আৰু গাঁও উন্নয়ন পৰিকল্পনা বিভাগৰ ওদালগুৰি জিলাৰ সহ: সঞ্চালক শান্তনু কুমাৰ দাসে এক জাননী জাৰি কৰিছিল। কিন্তু কাৰ্য্যবাহী বিষয়া গৰাকীৰ এই জাননীৰ ওপৰত ভিত্তি কৰিয়ে পৌৰসভাৰ নৱ নিৰ্বাচিত অধ্যক্ষ তথা খালিংদুৱাৰ এম চি এল এ (MCLA) দিলীপ বড়োৰ লিখিত নিৰ্দেশত,পৌৰসভাই এনেদৰে পাপৰ ভাগ ল’বলগীয়া বাধ্য হয়।
উল্লেখযোগ্য ৰাজনৈতিক দল ইউ পি পি এল দলৰ পৰা প্ৰথম বাৰৰ বাবে টংলা খালিংদুৱাৰ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা বড়োয়ে যোৱা ২১ জুনত টংলা পৌৰসভাৰ সভাপতি পদ লাভ কৰিছিল। আনহাতে, লোকজীৎ সুতাৰৰ নিচেই কাষতে এম চি এল এ দিলীপ বড়োৰ ঘৰ।
ইপিনে ঘটনা সম্পৰ্কে আজি টংলা পৌৰসভাৰ লগত যোগাযোগ কৰা হৈছিল, পৌৰ সভাৰ কৰ্মকতাৰ স্পষ্ট কথা নৱ নিৰ্বাচিত সভাপতি বড়োৰ নিৰ্দেশৰ ভিত্তিতে আমি এই পাপ কাৰ্য্য কৰিবলৈ বাধ্য হৈছোঁ।
সেইদৰে,কাৰ্য্যবাহী বিষয়া শান্তনু কুমাৰ দাস আৰু অধ্যক্ষ দিলীপ বড়োৰ দুয়োটা নিৰ্দেশৰ প্ৰতিলিপি টংলা আৰক্ষীলৈ প্ৰেৰণ কৰা হৈছিল যদিও ঘটনা সময়ত টংলা আৰক্ষী কিয় নীৰৱ হৈ আছিল সেয়াও সৰ্বসাধাৰণ ৰাইজৰ বাবে নুবুজা সাঁথৰ হৈ পৰিছে।
The post “নৰ্থ-ইষ্ট নাও’ৰ বাতৰিৰ প্ৰভাৱ: টংলা পৌৰসভাৰ দ্বাৰা শতাধিক বগলী হত্যা; মুখ্যমন্ত্ৰীৰ তদন্তৰ নিৰ্দেশ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3gWRTTv
via IFTTT
Comments
Post a Comment