মায়ং গাঁও পঞ্চায়তৰ অভিলাষী আঁচনি: ২১ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা যন্ত্ৰ চালিত নৌকা মুকলি…

ডিজিটেল সংবাদ,মায়ংঃ সমাগত বানপানীৰ বাবে মৰিগাঁও জিলা প্ৰশাসন যিদৰে সাজু হৈছে একেদৰে সাজু হৈ উঠিছে মায়ং গাঁও পঞ্চায়ত কার্যলয়।মায়ং উন্নয়ন খণ্ডৰ অন্তৰ্গত মায়ং গাঁও পঞ্চায়ত কার্যলয় ৰ তৰফৰ পৰা আজি চতুৰ্দশ বিত্তীয় আয়োগৰ ধনেৰে নিৰ্মাণ কৰা এখন মেচিন চালিত নৌকা মুকলি কৰি দিয়ে ৰাইজৰ বাবে।২০১৯-২০ আৰু ২০২০-২১ বিত্তীয় বৰ্ষৰ মুঠ ২১ লাখ ১৫ হাজাৰ টকা খৰচ কৰি নিৰ্মাণ কৰা যন্ত্ৰ চালিত নৌকা খন আজি আনুষ্ঠানিক ভাৱে মুকলি কৰে মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষিতিশ চন্দ্ৰ পেগুৱে।

আজিৰ নৌকা মুকলি অনুষ্ঠান ত উপস্থিত থাকে মৰিগাঁও জিলা পৰিষদৰ উপ সভানেত্ৰী ৰিজুমনি মালাকাৰ, গাঁও পঞ্চায়ত ৰ সভাপতি দীপক শইকীয়া,আঞ্চলিক সদস্য পৰেশ কলিতা,সচিব ইফটীকাৰ হুছেইন কে ধৰি ভালে কেইজন লোক।উল্লেখযোগ্য যে মায়ং পবিতৰা অৰ্কিড উদ্যানৰ বাবে সাজি উলিওৱা এই নৌকা খনৰ জৰিয়তে সমাগত বানপানীৰ সময়ত অঞ্চলটোৰ ৰাইজৰ লগতে যথেষ্ট খিনি সকাহ দিব পাৰিব চৰকাৰী বিষয়া কৰ্মচাৰী সকলে বানপানীৰ পৰিস্থিতিৰ বুজ লোৱাৰ সময়ত।

তাৰোপৰি অঞ্চলটোৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ অহা সকলো ভি আই পি আৰু ভিভিআই পি য়ে এই নৌকা খনৰ জৰিয়তেই বানাক্ৰান্ত অঞ্চলৰ বুজ লব পাৰিব। আনহাতে পানী শুকুৱাৰ পিছতো গাঁও পঞ্চায়ত কার্যলয়ে নদী পৰ্যটনত এই নৌকা খনৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰিবলৈও সক্ষম হব। ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা প্ৰাকৃতিক সৌন্দৰ্য ৰে ভৰপুৰ চনকা আৰু ব্ৰহ্মপুত্ৰৰ চৰ চাপৰি এই নৌকাৰ জৰিয়তে দেশী বিদেশী পৰ্যটকে দৰ্শন কৰিব পাৰিব।নৌকা খনত যথেষ্ট খিনি সুবিধা থকা বুলি জানিবলৈ দিয়ে পঞ্চায়ত কৰ্তৃপক্ষই।

অৱশ্যে নৌকা খন নিৰ্মাণ কৰাৰ খৰছৰ পৰিমাণ অত্যাধিক হোৱা বুলিও একাংশ লোকে চৰ্চা কৰিছে।এই ক্ষেত্ৰত গাঁও পঞ্চায়ত ৰ সভাপতি আৰু সচিব গৰাকীয়ে জানিবলৈ দিয়া মতে নৌকা খনত সংযোগ কৰা অত্যাধুনিক মেচিন টো কোৰিয়াৰ পৰা ক্ৰয় কৰি অনা হৈছে।যাৰ মূল্য ৭ লাখ টকা।নৌকা খনত আৰু বহু খিনি সুবিধা থকা বুলি জানিবলৈ দিয়ে।

The post মায়ং গাঁও পঞ্চায়তৰ অভিলাষী আঁচনি: ২১ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা যন্ত্ৰ চালিত নৌকা মুকলি… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3xWw38j
via IFTTT

Comments