ডিমাপুৰত সেনাৰ অভিযানত ১২গৰাকী এন এছ চি এনৰ কেডাৰক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ ,ৱাখাঃ নাগালেণ্ডৰ ডিমাপুৰত সেনাই চলোৱা পৃথক পৃথক অভিযান ত নগা বিদ্ৰোহী সংগঠন নিক্কী চুমী আৰু মুইভা গোটৰ ১১গৰাকী কেডাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ডিমাপুৰ থিলিক্সু গাঁৱৰ পৰা নিক্কী চুমী গোটৰ কেডাৰ কেইজনে অবৈধ কেম্প পৰাই ৰাষ্ট্ৰীয় ঘাই পথৰ একাংশ যানবাহনৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ কৰিছিল । সুৰক্ষা বাহিনীয়ে এই গোপন খবৰ লাভ কৰা পিছতে নগা আৰক্ষীৰ সৈতে অভিযান চলাই কেডাৰ কেইজনক গ্ৰেপ্তাৰ কৰে ।

সেনা তেওঁলোকৰ পৰা তিনিটা পিষ্টল জব্দ কৰিছে। ইপিনে ডিমাপুৰৰ বাৰ্মা কেম্প অঞ্চলৰ পৰা মাৰণাস্ত্ৰ সৰবৰাহ লগত জড়িত থকাৰ সন্দেহ এজন এন এছ চি এন মুইভা গোটৰ সদস্যক গ্ৰেপ্তাৰ কৰে ।তেওঁৰ পৰা সেনাই এটা .২২ পিষ্টল উদ্ধাৰ কৰে ।

ইফালে মণিপুৰতো আছাম ৰাইফলছে গোপন খবৰ ভিত্তিত চলোৱা অভিযান কুকি নেচনেল আৰ্মি , এন এছ চি এন ৰিফৰ্মেচন আৰু পি এলৰ ১৬ গৰাকী দুৰ্ধষ কেডাৰক মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিছে । বিগত এপ্তাহত নাগালেণ্ড আৰু মণিপুৰত বিদ্ৰোহীৰ বিৰুদ্ধে সেনা বাহিনীৰ বৃহৎ সফলতা বুলি কব পাৰি ।

The post ডিমাপুৰত সেনাৰ অভিযানত ১২গৰাকী এন এছ চি এনৰ কেডাৰক গ্ৰেপ্তাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3dfxLde
via IFTTT

Comments