দেশত ক্ৰমান্বয়ে হ্ৰাস পাইছে কোৰোনাৰ সংক্ৰমণ..

দেশত ক্ৰমান্বয়ে হ্ৰাস পাইছে কোৰোনাৰ সংক্ৰমণ..
ডিজিটেল ডেস্কঃ ক্ৰমান্বয়ে দেশত হ্ৰাস পাইছে কোৰোনাৰ সংক্ৰমণ। বৃহস্পতিবাৰে কোৰোনাৰ সংক্ৰমণৰ ফলত দেশত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৬২ জন। এয়া আছিল ধাৰাবাহিকভাৱে তৃতীয়টো দিন য’ত মৃত্যুৰ সংখ্যা ১ হাজাৰতকৈ কম। একদৰে বৃহস্পতিবাৰৰ দিনটোত হ্ৰাস পাইছে কোৰোনাত আক্ৰান্তৰ সংখ্যাও। বৃপস্পতিবাৰে দেশত নতুনকৈ কোৰোনাত আক্ৰান্ত হ’ল মুঠ ৫১ হাজাৰ ২৫৬ জন লোক। বুধবাৰৰ দিনটোত এই সংখ্যা আছিল ৫৪ হাজাৰ ৬৯ জন ।
ক্লিক কৰি পঢ়কঃ টেক্স নিদিলে গুলীঃ অসমৰ চাহ খেতিয়কক ভাবুকি এন এচ চি এনৰ…
খবৰ অনুসৰি বৃপস্পতিবাৰৰ দিনটোত কোৰোনাত আক্ৰান্ত হৈ দেশৰ ভিতৰত সৰ্বাধিক মৃত্যু হৈছে তামিলনাডুত। ৰাজ্যখনত বৃহস্পতিবাৰৰ দিনটোত মৃত্যু হৈছে মুঠ ১৫৫ জন লোক। আনহাতে কৰ্ণাটকত ১৩৮ জন আৰু কেৰালাত ১৩৬ জন লোকৰ মৃত্যু হৈছে।
উল্লেখ্য যে কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সংখ্যাও বৃহস্পতিবাৰৰ দিনটোত হ্ৰাস পাইছে। বুধবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা আছিল ১৩২১ জন।
The post দেশত ক্ৰমান্বয়ে হ্ৰাস পাইছে কোৰোনাৰ সংক্ৰমণ.. appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3jbUYk5
via IFTTT
Comments
Post a Comment