পুৱাৰ খবৰ…

১. অসমত পুনৰ ২৬৮৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে ২৭৮জন গোলাঘাটৰ, ২২৮জন শোণিতপুৰৰ, ১৭৮জন যোৰহাটৰ আৰু ১৬৪জন কামৰূপ মেট্ৰ’ৰ। এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫০৩৩৩৩জনলৈ পাইছে বৃদ্ধি। ইফালে, সোমবাৰৰ দিনটোত সুস্থ হৈছে ৩৩৯৪জন লোক। আনহাতে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ৪২জনৰ মৃত্যু হৈছে। এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৫০৪৩জন ৰোগী।
২. পশ্চিমবংগ চৰকাৰে কিছু শিথিলতা প্ৰদান কৰাৰ লগতে অহা ১৫ জুলাইলৈ ল’কডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ ঘোষণা কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে- চৰকাৰে ৰাজ্যত বাছসমূহক ৫০ শতাংশ যাত্ৰীৰ সৈতে পৰিবহনৰ অনুমতি প্ৰদান কৰিছে। তেওঁ লগতে কয় যে চৰকাৰী তথা বেচৰকাৰী সকলো কাৰ্যালয়ত ৫০ শতাংশ কৰ্মচাৰীয়ে কাম কৰিব পাৰিব। ইফালে, জীম আৰু বিউটি পাৰ্লাৰসমূহ পুৱা ১১ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে খোলাৰ বাবে মঞ্জুৰি দিয়াৰ কথা উল্লেখ কৰি মমতা বেনাৰ্জীয়ে কয় যে- বিবাহ বা আনবোৰ সামাজিক অনুষ্ঠানত ৫০ জন লোকহে উপস্থিত থাকিব পাৰিব।
৩. এপিএছচি কেলেংকাৰীৰ তদন্তৰ নতুন তথ্য আহিছে পোহৰলৈ। আয়োগৰ তদন্তত ওলাইছে উত্তৰ বহীত থকা ব্যাপক বিসংগতি। বিসংগতিপূৰ্ণ উত্তৰ বহীৰে উত্তীৰ্ণ হোৱা বিষয়ালৈ জাননী প্ৰেৰণৰ বাবে তৎপৰ ন্যায়িক তদন্ত আয়োগ। সন্দেহযুক্ত বিষয়ালৈ জাননী প্ৰেৰণৰ বাবে জাননীত চহী কৰিছে আয়োগৰ অধ্যক্ষই। অধ্যক্ষৰ চহীৰ পিছতে বিষয়ালৈ জাননী প্ৰেৰণৰ বাবে তদন্ত আয়োগৰ সচিবলৈ জাননীসমূহ প্ৰেৰণ কৰা হৈছে।
৪. অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে একত্ৰিত হোৱা মহাজোঁটত এতিয়া ফাঁট মেলিছে ৷ দেওবাৰে বিপিএফৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়ে মহাজোঁট ত্যাগ কৰাৰ বাবে বিপিএফৰ নেতৃত্বক আহ্বান জনাইছিল। আনকি মহাজোঁট ত্যাগ নকৰিলে দলত্যাগ কৰাৰো ভাবুকি দিছিল ৰিহণ দৈমাৰীয়ে। তাৰ পিছতে সোমবাৰে মহাজোঁট ত্যাগ কৰাৰ কথা প্ৰায় স্পষ্ট কৰিলে বিপিএফ দলে। দলটোৰ সাধাৰণ সম্পাদক প্ৰবীণ বড়োৱে সোমবাৰে সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত এতিয়া আৰু মহাজোঁটত থকাৰ প্ৰয়োজন নাই বুলি স্পষ্ট মন্তব্য কৰে।
৫. এক লাখ নিযুক্তি সম্পৰ্কীয় উচ্চস্তৰীয় সমিতিৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয় সোমবাৰে। জনতা ভৱনৰ বিত্ত বিভাগৰ সভাকক্ষত বিত্তমন্ত্ৰী অজন্তা নেওগৰ অধ্যক্ষতাত প্ৰশাসনৰ সকলো শীৰ্ষ বিষয়াৰ উপস্থিতি অনুষ্ঠিত হয় এই বৈঠকখন। উক্ত বৈঠকত বিভিন্ন বিভাগৰ খাদী পদৰ সংখ্যাৰ লগতে নতুন পদ সৃষ্টিৰ বাবে অনুৰোধ জনোৱা হয় বিত্তমন্ত্ৰী গৰাকীক। গৃহ বিভাগ, শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগত নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰা হ’ব বুলি কয় বিত্তমন্ত্ৰী নেওগে। নৱ গঠিত জিলা কেইখনৰ ক্ষেত্ৰটো নতুন পদ সৃষ্টি আৰু ৰাইজৰ সেৱাৰ বাবে প্ৰয়োজনীয় তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তিত অগ্ৰাধিকাৰ দিয়াৰ পোষকতা কৰিছে তেওঁ।
৬. অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নতুন সচিব নিযুক্তি। সচিব হিচাপে দায়িত্ব ল’লে পুলক পাটগিৰীয়ে। ড০ ৰমেশ চন্দ্র চুতীয়াৰ পৰা দায়িত্ব ল’লে পুলক পাটগিৰীয়ে। পুলক পাটগিৰী অসম অসামৰিক সেৱাৰ বিষয়া।
৭. ২০২২ত হ’বলগীয়া পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সোমবাৰে কৰিলে প্ৰতিশ্ৰুতি। মুখ্যমন্ত্ৰী কেজৰিৱালে কয় যে- যদি পঞ্জাৱত আম আদমী পাৰ্টীৰ চৰকাৰ গঠন হয় তেন্তে পঞ্জাৱবাসীয়ে বিনামূলীয়াকৈ লাভ কৰিব বিদ্যুৎ সেৱা। এক টুইটাৰযোগে এই প্ৰতিশ্ৰুতি দিছে তেওঁ। দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰত লিখিছে- ‘দিল্লী আমাৰ চৰকাৰে ৰাইজক ২০০ ইউনিট বিনামূলীয়াকৈ বিদ্যুৎ যোগান ধৰো। ৰাজ্যৰ মহিলাসকল ইয়াক লৈ বহু সুখী। পঞ্জাৱৰ মহিলাসকল মূল্যবৃদ্ধিৰ বাবে বহু সমস্যাৰ সন্মুখীন হৈ আছে। আপ চৰকাৰ গঠন হ’লে পঞ্জাৱতো বিনামূলীয়াকৈ বিদ্যুৎ লাভ কৰিব। অহা কাইলৈ লগ পাম চণ্ডীগড়ত।’
৮. ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডিআৰডিঅ’য়ে সফলভাৱে পৰীক্ষণ সম্পন্ন কৰিলে অগ্নি ছিৰিজৰ এক নতুন ক্ষেপনাস্ত্ৰ। যাৰ জৰিয়তে ভাৰত প্ৰতিৰক্ষা প্ৰযুক্তিৰ দিশত আৰু এখোজ আগুৱাই গ’ল ভাৰত। এই নতুন ক্ষেপনাস্ত্ৰৰ নাম দিয়া হৈছে ’অগ্নি-পি’। এই ক্ষেপনাস্ত্ৰই ১ হাজাৰৰ পৰা ২ হাজাৰ ব্যাসাৰ্ধৰ ভিতৰৰ লক্ষ্যত শত্ৰু পক্ষক আঘাত হানিব পাৰিব। সোমবাৰে ওড়িশ্যাৰ উপকূলৱৰ্তী অঞ্চলত ’অগ্নি-পি’ৰ সফল পৰীক্ষণ সমাপন কৰা হয়। সোমবাৰে পুৱা ১০.৫৫ বজাত ডঃ এ পি জে আব্দুল কালাম দ্বীপৰ পৰা এই বেলিষ্টিক ক্ষেপনাস্ত্ৰৰ পৰীক্ষা সম্পন্ন কৰা হৈছে।
৯. একাংশ সুৰা মাফিয়াই অবৈধ ভাবে সুৰা বেপাৰ কৰি সম্পূৰ্ণ ৰূপে কলূষিত কৰি তুলিছে সুস্থ সামাজিক পৰিবেশ।মাহেকীয়া মাননী লৈ অৰুণাচলী সুৰা ব্যৱসায়ী সকলক অৰুণাচলী সুৰা বেচিবলৈ উৎসাহিত কৰি অহা গহপুৰ আবকাৰীৰ কমিছনলুভী ভূমিকাৰ বাবে কোৰোনাৰ এই ভয়াবহ পৰিস্থিতিৰ মাজতো গহপুৰ মহকুমাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে অৰুণাচলী সুৰাৰ অবাধ প্ৰচলন।গহপুৰ মহকুমাৰ হেলেম আৰক্ষী থানাৰ চক্ৰ পৰিদৰ্শক ৰিসেশ্বৰ শইকীয়াৰ নেতৃত্বত সোমবাৰে পুৱা চলোৱা এক অৰুণাচলী সুৰা বিৰোধী অভিযানত মুঠ ৫৮ কাৰ্টুন অৰুণাচলী সুৰা জব্দ হোৱা ঘটনাই গহপুৰ মহকুমাৰ বিভিন্ন প্ৰান্তত যে অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেপাৰ চলি আছে সেয়া পুনৰবাৰ প্ৰমাণিত কৰি তুলিছে।
১০. দেশৰ ১০০ খন ডাটা স্মাৰ্ট চিটিৰ ভিতৰত শীৰ্ষ ১০ নং স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে নাগালেণ্ডৰ ৰাজধানী চহৰ কোহিমাই। শুকুৰবাৰে নতুন দিল্লীত স্মাৰ্ট চিটি মিছন, এ এম আৰ ইউ টি আৰু পি এম এ ৱাই (নগৰ) ৰ ষষ্ঠ বাৰ্ষিকী উদযাপনৰ সময়ত দেশৰ ১০০ খন ডাটা স্মাৰ্ট চিটিৰ তালিকা প্ৰকাশ কৰিছে। এই তালিকাত উত্তৰ পূৰ্বাঞ্চলৰ পৰা এক মাত্ৰ কোহিমাই স্থান লাভ কৰিছে।কোহিমাই দেশৰ আন দুখন চহৰ ৰাইপুৰ আৰু থানেৰ সৈতে এই স্থান দখল কৰিছে।
The post পুৱাৰ খবৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3juNSHw
via IFTTT
Comments
Post a Comment