বেংকৰ পৰা উলিওৱা ৪ লাখ টকা কাঢ়ি নিলে দুৰ্বৃত্তই..

বেংকৰ পৰা উলিওৱা ৪ লাখ টকা কাঢ়ি নিলে দুৰ্বৃত্তই..

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ’ল গুৱাহাটীত। এজন ব্যক্তিৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে ৪ লাখ টকা। ঘটনা অনুসৰি বৃহস্পতিবাৰে দীনেশ সিং নামৰ এজন ব্যক্তিয়ে মহানগৰৰ খ্ৰিষ্টিয়ান বষ্টিৰ জি এছ ৰোডস্থিত এক্সিছ বেংকৰ পৰা ৪ লাখ টকা উলিয়াই আনিছিল। ইয়াৰ কেইমিনটমান পাছতেই এখন মটৰ চাইকেলত অহা দুটা দুৰ্বৃত্তই দীনেশ সিং নামৰ ব্যক্তিজনৰ পৰা কাঢ়ি নিয়ে ধনখিনি।

ক্লিক কৰি পঢ়কঃ টেক্স নিদিলে গুলীঃ অসমৰ চাহ খেতিয়কক ভাবুকি এন এচ চি এনৰ…

উল্লেখ্য যে দীনেশ সিঙে বেংকৰ পৰা উলিওৱা টকাখিনি আছিল কুমাৰ এণ্ড চেলছ নামৰ প্ৰতিষ্ঠানটোৰ।দীনেশ সিং এই প্ৰতিষ্ঠানটোৰ এজন কৰ্মচাৰী। ঘটনা সন্দৰ্ভত আৰক্ষী থানাত গোচৰ তৰা হৈছে আৰু আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। বৰ্তমানলৈকে অৱশ্যে টকা কাঢ়ি নিয়া দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

The post বেংকৰ পৰা উলিওৱা ৪ লাখ টকা কাঢ়ি নিলে দুৰ্বৃত্তই.. appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/35V2WpS
via IFTTT

Comments