অসম নাগালেণ্ড সীমান্তত গাঞ্জাসহ দুজনক আটক…

ডিজিটেল সংবাদ,বোকাজান: বোকাজান মহকুমাৰ ডিলাই থানাৰ অন্তৰ্গত পুৰণা লাহৰিজানৰ সীমান্ত তহলদাৰী চকীৰ এচ আই মনোজল গগৈৰ নেতৃত্বত হোৱা আৰক্ষীৰ বিশেষ তালাচীত জব্দ হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা।গাঞ্জা খিনি এখন ট্ৰাকত মণিপুৰৰ পৰা লৈ অহা হৈছিল বুলি জানিব পৰা গৈছে।ট্ৰাক খনৰ নম্বৰ আছিল AS 01KC-9163 আৰু ট্ৰাক খনৰ চালকৰ লগতে আন এজনক আটক কৰিছে আৰক্ষীয়ে।
আটকাধীন চালক জন হৈছে মনিপুৰৰ ৰাজেশ্বৰ সিং আৰু আনজন মণিপুৰৰে টনাবাম টাচকেন বুলি জানিব পৰা গৈছে।বৰ্তমান আৰক্ষীয়ে আটকাধীন ধৃত লোকদুজনক জেৰা অব্যাহত ৰাখিছে।আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে গাঞ্জা খিনি মণিপুৰৰ পৰা হোজাই লৈ অনা হৈছিল। চি আই ভূপেন কলিতাৰ উপস্থিতি ত গাঞ্জা খিনি জব্দ কৰে লাহৰীজান সীমান্ত তহলদাৰী চকীৰ আৰক্ষীয়ে।
The post অসম নাগালেণ্ড সীমান্তত গাঞ্জাসহ দুজনক আটক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3ji0lhH
via IFTTT
Comments
Post a Comment